নগাঁও, 20 মে' : চৰকাৰী ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ দিয়াৰ নামত নগাঁৱত সক্ৰিয় হৈ আছে প্ৰৱঞ্চকৰ দল ৷ নিজকে কৃষি বিভাগত কৰ্মৰত বুলি পৰিচয় দি এজন যুৱকৰ পৰা ট্ৰেক্টৰ প্ৰদানৰ বাবদ অগ্ৰীম ধন লৈ উধাও হয় প্ৰৱঞ্চকৰ দলটো ৷
নগাঁৱত তেনে এক চক্ৰৰ বলি কাৰ্বি আংলঙৰ হাওৰাঘাটৰ এজন যুৱক। হাওৰাঘাটৰ মুন্না চাহু নামৰ এই যুৱকজনৰ পৰা এটা চক্ৰই নিজকে কৃষি বিভাগৰ লোক বুলি পৰিচয় দি দিছিল ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ দিয়াৰ প্ৰলোভন। নগাঁও চহৰৰ এটা ট্ৰেক্টৰ শ্ব' ৰূমত যুৱকজনক ট্ৰেক্টৰো দেখুৱাইছিল প্ৰৱঞ্চকৰ দলটোৱে ৷ তাৰ পিছত চক্ৰটোৱে যুৱকজনৰ পৰা প্ৰথম কিস্তিত 20 হাজাৰ আৰু দ্বিতীয় কিস্তিত সৰকাইছিল 90 হাজাৰকৈ টকা ৷ ধন লোৱাৰ পিছৰ পৰাই কোনো খা খবৰ নাই চক্ৰটোৰ । চক্ৰটোৰ সৈতে কোনো যোগাযোগ কৰিব নোৱাৰাত মুন্না চাহুয়ে নগাঁও সদৰ থানাত দাখিল কৰিছে এজাহাৰ । এই এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে ১২৮৯/১৯ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত আৰক্ষীৰ জালত পৰা নাই প্ৰৱঞ্চকৰ দলটো ৷