কলিয়াবৰ, 23ছেপ্তেম্বৰ: কলিয়াবৰ আৰক্ষীয়ে সক্ৰিয় অপৰাধমূলক চক্ৰসমূহৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিছে অভিযান ৷ তেনে এক চক্ৰৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে বুধবাৰে আটক কৰে তিনিগৰাকীকৈ প্ৰৱঞ্চকক ৷ কলিয়াবৰৰ বৰঘূলীত পুৱতি নিশা মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ নেতৃত্বত চলোৱা অভিযানত জাল নোট আৰু নকল সোণৰ ব্যৱসায়ত জড়িত তিনিজনীয়া এটা চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ দাসক এই অভিযানত সহায় আগবঢ়াই উলুৱনী, চুলুং আৰু মিছা আৰক্ষীয়ে ৷
আৰক্ষীয়ে আটক কৰা প্ৰৱঞ্চক তিনিজন ক্ৰমে বিহপুৰীয়া থানাৰ অধীনৰ আতিকুল ইছলাম, মজিবুৰ ৰহমান আৰু তিনি নম্বৰ বৰঘূলীৰ ৰাজিবুল হক ৷ আৰক্ষীয়ে দলটোৰ পৰা প্ৰায় তিনিশখন 500 টকীয়া জাল নোট, নকল সোণৰ মূৰ্তি আৰু আপত্তিজনক কিছু সামগ্ৰী উদ্ধাৰ কৰিছে ৷ ধৃত প্ৰৱঞ্চকৰ দলটোৱে দীৰ্ঘদিনৰ পৰাই সাধাৰণ জনতাক ভূৱা কাৰচাজিৰে ঠগাই আহিছিল ৷ জেৰা আৰু অনুসন্ধানৰ অন্তত আটকাধীন এই দলটোৰ তথ্যৰ ভিত্তিত এক বৃহৎ প্ৰৱঞ্চক চক্ৰৰ সন্ধান লাভ কৰিব পাৰিব বুলি আশাবাদী আৰক্ষী ৷