ETV Bharat / state

ড্ৰাগছৰ বিৰুদ্ধে থিয় দিয়া নগাঁৱৰ তিনি যুৱতীক প্ৰশংসা IPS আনন্দ মিশ্রৰ

author img

By

Published : Aug 23, 2021, 8:45 PM IST

Updated : Aug 23, 2021, 10:58 PM IST

নগাঁৱৰ তিনি যুৱতীৰ সাহস । তিনি যুৱতীয়ে আটক কৰিলে দুই ড্ৰাগছ সেৱনকাৰীক। তিনি যুৱতীৰ সাহসক প্ৰশংসা আৰক্ষীৰ অধীক্ষক আনন্দ মিশ্রৰ ।

three courageous girls of nagaon
ড্ৰাগছৰ বিৰুদ্ধে থিয় দিয়া নগাঁৱৰ তিনি যুৱতীক প্ৰশংসা IPS আনন্দ মিশ্রৰ

নগাঁও, 23 আগষ্ট : নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে এইবাৰ নগাঁও আৰক্ষী নহয়, ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ হৈছে নগাঁৱৰ যুৱতী ৷ নগাঁৱৰ তিনি গৰাকীকৈ যুৱতীয়ে সাহসেৰে আটক কৰিলে দুই ড্ৰাগছ আসক্ত যুৱকক ৷ ড্ৰাগছ সেৱন কৰি থকাৰ অৱস্থাতে যুৱক দুজনক আটক কৰিলে যুৱতী কেইগৰাকীয়ে ৷

যুৱতী তিনিগৰাকীৰ এই সাহসক প্ৰশংসা কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । ইয়াৰ লগতে যুৱতী তিনি গৰাকীক চকলেট প্ৰদান কৰি এনেধৰণৰ কাৰ্যৰ বাবে উৎসাহিত কৰে আৰক্ষীৰ অধীক্ষক আনন্দ মিশ্ৰই ৷

জানিব পৰা মতে, সোমবাৰে নগাঁৱৰ নেহেৰুৱালীত যুৱতী তিনিগৰাকীয়ে খেলৰ অনুশীলন কৰি থকাৰ সময়তে দুই যুৱকক ড্ৰাগছ সেৱন কৰি থকা প্ৰত্যক্ষ কৰে ৷ সাহসীকতাৰ পৰিচয় দি ড্ৰাগছ সেৱনকাৰী দুজনক আটক কৰিবলৈ আগবাঢ়ি আহে যুৱতী তিনি গৰাকীয়ে ৷ ইয়াৰ পাচতে কৌশলেৰে যুৱতী কেইগৰাকীয়ে আটক কৰে ড্ৰাগছ আসক্ত যুৱক দুজনক ৷

লগতে পঢ়ক: 3 কোটি টকাৰ মৰ্ফিন জব্দ লাহৰিজানত

পিছত একাংশ লোকে উত্তম মাধ্যম শোধাই ড্ৰাগছ সেৱনকাৰী দুই যুৱকক আৰক্ষীক গতাই দিয়ে ৷ এই দুই যুৱকক আটক কৰা কাৰ্যত সাহসীকতাৰ পৰিচয় দিয়া তিনি যুৱতীৰ নাম ক্ৰমে, ৰুবিত্ৰ পাটৰ, ইন্নাচ বেগম আৰু শিল্পী শিখা বৰা ৷

দুই ড্ৰাগছ সেৱনকাৰীক আটক কৰিবলৈ সক্ষম হোৱা তিনি যুৱতীৰ সাহসিকতাক প্ৰশংসা কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । ড্ৰাগছ ব্যৱসায় আৰু সেৱনকাৰীৰ বিৰুদ্ধে সকলোকে এনেদৰে সজাগ আৰু সষ্টমহৈ থাকিবলৈ আহ্বান জনায় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । ইয়াৰ লগতে আনন্দ মিশ্ৰই ড্ৰাগছৰ সৰবৰাহৰ দৰে সমাজ বিৰোধী কাৰ্যকলাপ বিৰুদ্ধে আগবাঢ়ি আহিবলৈ যুৱ সমাজক আহ্বান জনাই ৷

ইফালে, ড্ৰাগছ সেৱনকাৰীৰ বাবেই বৰ্তমান নাৰী সমাজ সুৰক্ষিত নহয় বুলি মন্তব্য কৰি এই ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে সকলোকে ওলাই আহিবলৈ আহ্বান জনাই তিনি সাহসী যুৱতীয়ে । যুৱতী কেইগৰাকীয়ে কয়, সমাজ বিৰোধী সকলো কাৰ্যকলাপৰ বিৰুদ্ধে নাৰী সমাজে সাহসেৰে থিয় দিব লাগিব ৷ উল্লেখ্য যে, আটক কৰা দুই ড্ৰাগছ সেৱনকাৰী যুৱকৰ পৰা বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক: শ্বহীদ পৰিয়ালক দিয়া প্ৰতিশ্ৰুতিও পাহৰিলে নেকি বিজেপি চৰকাৰে ?

Last Updated : Aug 23, 2021, 10:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.