ETV Bharat / state

নগাঁৱত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস

author img

By

Published : May 9, 2019, 7:17 PM IST

বৃহস্পতিবাৰে দিনৰ ভাগত চিলনী চোৰে এগৰাকী মহিলাৰ পৰা কাঢ়ি নিয়ে বেগসহ নগদ এক লাখ টকা ৷

নগাঁওত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস

নগাঁও, 9 মে': নগাঁৱত নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ উদঙাই দি চোৰে দিন দুপৰতে লুটিলে ধন ৷ ববিতা শইকীয়া নামৰ এগৰাকী মহিলাই ভাৰতীয় ষ্টেট বেংকৰ নগাঁও শাখাৰ পৰা নগদ এক লাখ টকা উলিয়াই ৰিক্সাৰে গৈ থকা অৱস্থাতে চোৰে লুটি নিয়ে ধনখিনি ৷ চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্যাৱলী বন্দী হৈ ৰয় চিচিটিভি কেমেৰাত ৷

নগাঁওত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস

বাইকত অহা দুজনীয়া চোৰৰ দলে নগাঁৱৰ জয়শ্ৰী চিনেমা হলৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথতে মহিলাগৰাকীক ৰিক্সাৰ পৰা বগৰাই ধনখিনি লৈ উধাও হয় ৷ আনহাতে চোৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

বিগত দিনসমূূহত নগাঁওত এইদৰে কেবাটাও চুৰিকাৰ্য সংঘটিত হৈছে ৷ স্থানীয় ৰাইজে এইক্ষেত্ৰত বেংকৰ বিষয়া কৰ্মচাৰীক সোধা পোছা কৰি অনুসন্ধান চলাবলৈ দাবী উত্থাপন কৰিছে আৰক্ষীক ৷

Intro:নগাঁৱত অব্যাহত চিলনী চোৰৰ সন্ত্ৰাস। মহিলাৰ পৰা কাঢ়ি নিলে এক লাখ টকাসহ বেগ।

Body:আৰক্ষী নিৰাপত্তাৰক্ষীৰে গীজগিজাই থকা নগাওঁ চহৰত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস। নগাওঁ চহৰৰ মাজমজিয়াতেই দিনক দিনে বৃদ্ধি পাইছে চিলনী তাণ্ডৱ। মাত্ৰ দুদিন পূৰ্বে এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক চিলনী চোৰে প্ৰায় দুই তিনি শ মিটাৰ চুচৰাই নিয়া ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ সংঘটিত হল আন এক চাঞ্চল্যকৰ মহিলাৰ বেগ থপিয়াই নিয়াৰ ঘটনা। ঘটনাৰ স্থান নগাঁৱৰ জয়শ্ৰী চিনেমা হলৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত। ববিতা শইকীয়া নামৰ এগৰাকী মহিলা ষ্টেট বেংকৰ নগাওঁ শাখাৰ পৰা এক লাখ টকা উলিয়াই ৰিক্সাৰে গৈ থকা অৱস্থাত বলি হয় চিলনী চোৰৰ। বাইকত অহা দুজনীয়া চিলনী চোৰে থপিয়াই মহিলাগৰাকীৰ টকাৰ বেগ লৈ যোৱাৰ লগতে চলন্ত ৰিক্সাৰ পৰা পেলাই দিয়ে মহিলাগৰাকীক। ফলত আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী। এখন দোকানৰ চি চি কেমেৰাত বন্দী হৈছে এই ঘটনাৰ কিছু দৃশ্যাংশ। সঘনাই সংঘটিত হোৱা এনে ঘটনাই নগাঁৱৰ জনসাধাৰণৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
bite.
----------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৯-৫-২৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.