ETV Bharat / state

বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা কেন্দ্ৰত চুৰি

author img

By

Published : Oct 26, 2019, 5:22 PM IST

বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা কেন্দ্ৰত চুৰিকাণ্ড ৷ চোৰে লুটি নিলে এটা বৈদ্যুতিক মটৰ ৷ ইতিপূৰ্বেও প্ৰতিষ্ঠানটোৰ পৰা চোৰে লুটি নিছে গুৰুজনাৰ সৃষ্টি 'ভুৰুকাত হাতী ভৰোৱা' গুণমালা পুথি ৷

বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা কেন্দ্ৰত চুৰি

বটদ্ৰৱা, 26 অক্টোবৰঃ অস্তিত্বৰ সংকটত গুৰুজনাৰ বটদ্ৰৱা থানৰ আপুৰুগীয়া সম্পদৰাজি ৷ গুৰুজনাৰ স্মৃতি বিজড়িত আপুৰুগীয়া সম্পদসমূহত চকু দুৰ্বৃত্তৰ ৷ শুকুৰবাৰে নিশা বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ পৰা চোৰে লুটি নিলে এটা বৈদুত্যিক মটৰ ৷ কেইবাগৰাকীও বিদ্ধান লোকৰ প্ৰচেষ্টাত বৈষ্ণৱ ধৰ্মৰ দৰ্শন,ভাষা সাহিত্য,কলা-সংস্কৃতিৰ অধ্যয়নৰ বাবে জন্ম দিয়া গৱেষণা প্ৰতিষ্ঠানটোত ইয়াৰ পূৰ্বে কেইবাৰো চুৰিকাণ্ড সংঘটিত হৈছে ৷ বিগত বৰ্ষত এই গৱেষণা প্ৰতিষ্ঠানটোৰ পৰা গুৰুজনাৰ সৃষ্টি ভুৰুকাত হাতী ভৰোৱা 'গুণমালা' পুথিখন চুৰি হৈছিল। ইপিনে,শুকুৰবাৰে সংঘটিত চুৰিকাণ্ডটোক সহজভাৱে ল'ব পৰা নাই অঞ্চলটোৰ ৰাইজে ৷ বৈদ্যুতিক মটৰ চুৰি হোৱা স্থানতে আছিল বহু মূল্যবান পুথি,কাঠৰ ভাস্কৰ্য বহু আপুৰুগীয়া সম্পদ ৷ ৰাইজৰ অভিযোগ গৱেষণা প্ৰতিষ্ঠানটোৰ কাষতে গঢ়ি উঠা পাইকাৰী মাছৰ বজাৰত অহা কিছু লোকে সংঘটিত কৰিছে এই চুৰি কাণ্ড ৷

Thief in Batadrava Sankardev research center
শ্ৰীমন্ত শংকৰদেৱ গৱেষণা কেন্দ্ৰৰ সম্পদৰাজি

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত বটদ্ৰৱাত আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৰাইজে ৷ অতি শীঘ্ৰে প্ৰাচীন সম্পদৰাজি সমূহৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে ৷

Thief in Batadrava Sankardev research center
শ্ৰীমন্ত শংকৰদেৱ গৱেষণা কেন্দ্ৰ

লগতে পঢ়কঃ পুনৰ ডিটেনচন কেম্পত মৃত্যু কাৰাবন্দীৰ

উল্লেখ্য যে,1974 চনত নীলমণি ফুকন,ড০ মহেশ্বৰ নেওগ,গহন চন্দ্ৰ গোস্বামীকে আদি কৰি বহু বিদ্ধান ব্যক্তিয়ে বটদ্ৰৱাৰ শান্তিজানৰ পাৰত প্ৰতিষ্ঠা কৰিছিল শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ ৷

Intro:সংকটত মহাপুৰুষ গুৰুজনাৰ স্মৃতি বিজড়িত সম্পদৰাজি । বটদ্ৰৱা শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানত চুৰিকাণ্ড ।Body:অস্তিত্ব সংকটত মহাপুৰুষ গুৰুজনাৰ বটদ্ৰৱা থানৰ আপুৰুগীয়া সম্পদৰাজি । দূৰ্বৃত্তৰ চকু গুৰুজনাৰ স্মৃতি বিজৰিত আপুৰুগীয়া সম্পদসমূহত ।সময়ে সময়ে এই সম্পদৰাজিলৈ ভাবুকি অহাৰ সময়তে বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড । যাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ১৯৭৪ চনতে ককা নীলমণি ফুকন, ড০ মহেশ্বৰ নেওগ, গহন চন্দ্ৰ গোস্বামী, মিত্ৰদেৱ মহন্ত, যজ্ঞেশ্বৰ শৰ্মা, হৰেশ্বৰ গোস্বামী, মহেশ চন্দ্ৰ দেৱগোস্বামী, সোণাৰাম চুতীয়াকে আদি কৰি কেইবাগৰাকীও বিদ্বান লোকৰ প্ৰচেষ্টাত বৈষ্ণৱ ধৰ্ম, দৰ্শন, ভাষা সাহিত্য কলা কৃষ্টি, সংগীত নৃত্য অভিনয়ৰ অধ্যয়ন, চৰ্চা গৱেষণাৰ বাবে এই মহৎ প্ৰতিষ্ঠানটিৰ জন্ম দিছিল বটদ্ৰৱা ঐতিহ্যমণ্ডিত শান্তিজানৰ পাৰত। পৰবৰ্তী পৰ্যায়ত ৬০০ খন প্ৰাচীন সাচিঁ পতীয়া পুথি, চাৰি হেজাৰ মূল্যবান ছপা পুথি, দোলা, কাঠৰ ভাষ্কৰ্য আদি বিভিন্ন আপুৰুগীয়া সম্পদে চহকী শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানলৈ প্ৰায়ে নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি আহিছে। বিগত বৰ্ষত এই গৱেষণা প্ৰতিষ্ঠানৰ পৰাই গুৰুজনাৰ সৃষ্ট 'ভুৰুকাত হাতী ভৰোৱা' গুণমালা পুথিখন চুৰি হৈছিল। ঠিক সেইদৰে বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দৌল মন্দিৰৰ ভগবান কৃষ্ণৰ বিগ্ৰহ চুৰি হোৱাৰ পাছত তাত নিয়োজিত সুৰক্ষা কৰ্মীক নিশা দুৰ্বৃত্তই ডেগাৰেৰে আক্ৰমণ কৰিছিল। এইদৰে গুৰুজনাৰ স্মৃতি বিজড়িত স্থান, সম্পদ সমূহৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি আহি থকাৰ সময়তে বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ এটি মূল্যবান বৈদ্যুতিক সামগ্ৰী চুৰি হয়। এই মূল্যবান বৈদ্যুতিক সামগ্ৰী বিধ চুৰি হোৱাৰ ঘটনা বটদ্ৰৱাৰ স্থানীয় ৰাইজে সহজ ভাবে লব পৰা নাই, কাৰন উক্ত বৈদ্যুতিক সামগ্ৰী চুৰি হোৱা গৱেষণা প্ৰতিষ্ঠানটিতে এই বহু মূল্যৱান পুথি, কাঠৰ ভাষ্কৰ্য আদি বিভিন্ন আপুৰুগীয়া সম্পদ সমূহ বটদ্ৰৱাৰ প্ৰচীন সম্পদৰাজিৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে প্ৰশাসন আৰু চৰকাৰক দাবী জনাইছে।ইফালে স্থানীয় ৰাইজৰ অভিযোগ বটদ্ৰৱা শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ নিচেই কাষতে থকা অবৈধ ভাবে গঢ়ি উঠা মাছৰ পাইকাৰী ব্যৱসায় প্ৰতিষ্ঠানলৈ অহা কিছু লোকৰ উপৰত সন্দেহ ব্যক্ত কৰিছে । গবেষণা প্ৰতিষ্ঠানে ইতিমধ্যে ঘটনা সন্দৰ্ভত বটদ্ৰৱা থানাত দাখিল কৰিছে এজাহাৰ ।এজাহাৰৰ ভিত্তিত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য ।____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.