বঢ়মপুৰ, 10 আগষ্ট: বহিঃৰাজ্যৰ পৰা অহা ট্ৰাকৰ পৰা সামগ্ৰী চুৰি কৰি ৰঙাঘৰৰ আলহী হ'ল এখন অভিযুক্ত চোৰ ৷ নগাঁৱৰ ৰাঙলুৰ এটা পেট্ৰ'ল পাম্পৰ সমীপত ৰখাই থোৱা বহিঃৰাজ্যৰ পৰা অহা ট্ৰাকসমূহৰ পৰা বহুদিন ধৰি মোবাইলকে আদি কৰি অন্যান্য বহু সা-সামগ্ৰী চুৰি হৈ আহিছে ৷ ইমানৰ পাচতো চোৰ ধৰাৰ ক্ষেত্ৰত বিফল হৈছিল ৰাঙলু পহৰা চকী ৷
কিন্তু দেওবাৰে নিশা গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত স্থানীয় যুৱক সকলে কোনো গোপন সুত্ৰৰ পম খেদি আৰ্ছাদ আলী নামৰ এজন লোকক হাতে-লোতে ধৰি চমজাই দিয়ে ৰাঙলু আৰক্ষীক ৷ চুৰিকাণ্ডৰ লগত জড়িত ৰহম আলী আৰু মৰম আলী আলী নামৰ আন দুজন অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷ পলাতক অভিযুক্ত দুজনক অতি শীঘ্ৰেই আটক কৰাৰ বাবে আৰক্ষীক দাবী জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক: সাংবাদিক বিজন দ্বীপ তাঁতী হত্যাকাণ্ডৰ মূল অভিযুক্তক আটক