চামগুৰি, 4 জুলাই : ৰাজ্যৰ 126 টা বিধানসভা সমষ্টিৰ অন্যতম এটা গুৰুত্বপূৰ্ণ সমষ্টি হ’ল বঢ়মপুৰ বিধান সভা সমষ্টি ৷ এই সমষ্টিটোৰ পৰাই মুখ্যমন্ত্ৰীৰ আশন অলংকিত কৰিছিল প্ৰফুল্ল কুমাৰ মহন্তই ৷ সুৰ্দীঘ কেইবাটাও বছৰ সমষ্টিটো ৰ পৰা বিধায়ক হোৱা প্ৰফুল্ল কুমাৰ মহন্তই এইবেলি বিধানসভা নিৰ্বাচনত বিজেপি আৰু অগপৰ মিত্ৰতা হোৱাত অগপই সমষ্টিটো বিজেপিক এৰি দিব লগাত পৰে ৷ যাৰ ফলত টিকত লাভৰ পৰা বঞ্চিত হয় প্ৰফুল্ল মহন্ত ৷
প্ৰফুল্ল মহন্তই 2021ত টিকত লাভ নকৰাৰ অন্য কেইটামান দিশো আছে ৷ যি সময়ত মহন্তই সমষ্টিটোৰ পৰা বিধায়ক হৈ আছিল সেই সময়ত সমষ্টিৰ উন্নয়নৰ বাবে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তাৰ আন্তঃগাঁঠনিৰ অভাৱ দেখা দিছিল ৷ ৰাস্তা-ঘাটকে ধৰি বিভিন্ন প্ৰকাৰৰ সমস্যাই জৰ্জৰিত হৈ আছিল সমষ্টিটো ৷
সম্প্ৰতি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বছৰ বছৰ ধৰি প্ৰতিনিধিত্ব কৰা বঢ়মপুৰ সমষ্টিৰ ৰাইজে উন্নয়নৰ মুখ দেখিছে ৷ প্ৰফুল্ল কুমাৰ মহন্তৰ কৱলৰ পৰা বিজেপি নেতা তথা বঢ়মপুৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক জিতু গোস্বামীয়ে সমষ্টিটোত জয়লাভ কৰাৰ পাচতে বহু কেইখন আঁচনি ৰূপায়ন কৰাৰ বাবে বিশেষ ভূমিকা পালন কৰিছে ৷ সেই অনুসৰি দেওবাৰে জিতু গোস্বামীয়ে একে দিনাই উদ্বোধন কৰিলে ৭ টাকৈ পথৰ আধাৰশিলা ।
উল্লেখযোগ্য যে, দীৰ্ঘ দিনে বঢ়মপুৰ সমষ্টিৱাসী ৰাইজে আন আন্তঃগাঁঠনিৰ লগতে বিপদজনক বাট-পথেৰে যাতায়ত কৰাৰ ক্ষেত্ৰত সমস্যা ভুগি আহিছিল ৷ যাৰ বাবে ৰাইজে বিভিন্ন সময়ত প্ৰতিবাদ কৰিব লগীয়া হৈছিল । ৰাজনৈতিক মতানৈক্যৰ বাবেই বিগত সময়চোৱাত হেঙাৰ সৃষ্টি হৈছিল বঢ়মপুৰৰ উন্নয়নত । নৱ নিৰ্বাচিত বিধায়ক জিতু গোস্বামীৰ তত্বাৱধানত এই হেঙাৰ আঁতৰি সম্প্ৰতি বছৰ বছৰ ধৰি উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি ৰোৱা সমষ্টিটোত উন্নয়ন হ‘ব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে ৷
উল্লেখ্য যে, দেওবাৰে লোক নিৰ্মাণ বিভাগৰ SOPD আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰিবলৈ লোৱা সমষ্টিটোৰ গুৰুত্বপূৰ্ণ সাতটাকৈ পথৰ আধাৰশিলা উদ্ধোধন কৰা হয় ৷ একেদৰে নৱ নিৰ্বাচিত বিধায়ক জিতু গোস্বামীয়ে পথ নিৰ্মাণ কৰা ঠিকাদাৰক পথ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অনিয়মৰ আশ্ৰয় নল’বলৈ কঠোৰ ভাৱে সকীয়াই দিয়ে উপস্থিত ৰাইজৰ সন্মুখতে ।
লগতে পঢ়কঃ অইলৰ নিযুক্তিত 4 জিলাৰ প্ৰাৰ্থীক প্ৰাধান্য: আলফা(স্বা)ৰ প্ৰতিক্ৰিয়া