নগাঁও 18 অক্টোবৰ : নগাঁৱত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত বৌদ্ধিক আলোচনা চক্ৰ । অস্তিত্বৰ সংকটত ভোগা গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীৰ চৰকাৰী জৰীপৰ দাবী ।
সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত নগাঁৱত এখনি বৌদ্ধিক আলোচনা চক্ৰ সম্পন্ন কৰা হয় । নগাঁও চহৰৰ কমলাদেৱী তোদী ভৱনত অনুষ্ঠিত হোৱা এই বৌদ্ধিক আলোচনা চক্ৰখনত গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীৰ লোকসকলৰ সংকট নিৰাময়ৰ সন্দৰ্ভত আলোকপাত কৰা হয় । "অস্তিত্বৰ সংকটত অসমৰ থলুৱা গৰিয়া-মৰিয়া দেশী জনগোষ্ঠী" শীৰ্ষক এই বৌদ্ধিক আলোচনা চক্ৰখনত ড৹ আবু হানিফা,হাফিজুল আহমেদ,নজমল হুছেইন আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে ৷ এই আলোচনাৰ মজিয়াৰ পৰা গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীৰ লোকসকলৰ চৰকাৰীভাৱে জৰীপ কৰিবলৈ ৰজাঘৰীয়াক আহ্বান জনায় ।
লগতে পঢ়ক :ক্ৰাইম ব্ৰাঞ্চৰ জিম্বাত PNRD কেলেঙকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাজীৱ পৰাশৰ