ETV Bharat / state

তিৱা নিৰ্বাচনৰ পৰাই বিজেপিক পতন নিয়াবলৈ ৰাইজক অনুৰোধ কংগ্ৰেছৰ - commenting on the beginning of bjp's decline since the tiwa elections

মন্ত্ৰী পিযুষ হাজৰিকাৰ বিৰুদ্ধে সকলো তিৱা সম্প্ৰদায়ৰ লোকক ওলাই আহিবলৈ আহ্বান জনোৱাৰ লগতে এই নিৰ্বাচনৰ পৰাই বিজেপিৰ পতন আৰম্ভ কৰক বুলি সকলো নেতৃত্বকে আহ্বান কংগ্ৰেছ দলৰ নেতাৰ ৷

congress meeting at dhing
তিৱা নিৰ্বাচনৰ পৰাই পতন হ'ব বিজেপিৰ
author img

By

Published : Dec 6, 2020, 2:14 PM IST

ধিং, 6 ডিচেম্বৰ : নগাঁও জিলাৰ দহটাকৈ তিৱা স্বায়ত্বশাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে সাজু হৈছে নগাঁও জিলা প্ৰশাসন ৷ 17 ডিচেম্বৰত নগাঁৱৰ 102 টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ৷

নলী খোলা সমষ্টিৰ অন্তৰ্গত নেলীত কংগ্ৰেছৰ সভা তিৱা স্বায়ত্ব পৰিষদৰ 13নং নেলী খোলা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মন খুচি দেউৰী মান্তাক জয়ী কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু দলৰ অন্যান্য কংগ্ৰেছৰ নেতাসকলে শনিবাৰে এখনি নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে ৷ দলৰ নেতা সকলে ভাষণত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে সকলো তিৱা সম্প্ৰদায়ৰ লোকক ওলাই আহিবলৈ আহ্বান জনোৱাৰ লগতে এই নিৰ্বাচনৰ পৰাই বিজেপিৰ পতন আৰম্ভ কৰক বুলি নেতৃত্বই সকলোকে আহ্বান জনায় ৷

congress meeting at dhing
তিৱা নিৰ্বাচনৰ পৰাই বিজেপিৰ পতন আৰম্ভ কৰাৰ মন্তব্য কংগ্ৰেছ নেতৃত্বৰ

উল্লেখ্য যে, নগাঁৱৰ দহটা পৰিষদীয় নিৰ্বাচনৰ ৩৮ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 80,242 ভোটাৰে ৷ অহা 19 ডিচেম্বৰত নগাঁৱত অনুষ্ঠিত হ’ব দহটা পৰিষদীয় সমষ্টিৰ ভোটগণনা ।

লগতে পঢ়ক:তিৱা স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.