ETV Bharat / state

নগাঁৱত গৰু সৰবৰাহক লৈ উত্তেজনা

গৰু সৰবৰাহক লৈ নগাঁৱত উত্তেজনা ৷ গৰু চুৰিৰ সন্দেহত তিনিজন লোকক নিৰ্মম প্ৰহাৰ ৷ গৰু সৰবৰাহকাৰীক ধন দাবীৰো অভিযোগ একাংশৰ বিৰুদ্ধে ৷

suspected cattle supplier beaten by local people in nagaon

author img

By

Published : Jun 7, 2020, 4:31 PM IST

নগাঁও, 7 জুনঃ গৰু সৰবৰাহক কেন্দ্ৰ কৰি শনিবাৰে নিশা নগাঁৱৰ কাৱৈমাৰীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ মৰিগাঁও জিলাৰ নেলীৰ পৰা ৯ টাকৈ গৰু সৰবৰাহ কৰাৰ সময়তেই কাৱৈমাৰীত একাংশ লোকে গৰুভৰ্তি গাড়ী ৰখোৱাৰ পিচতেই, অভিযুক্ত আৰু একাংশ লোকৰ মাজত সৃষ্টি হয় সংঘাতৰ ৷ একাংশ লোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় অভিযুক্ত চফিকুল আলী, নাচিব আলী আৰু খৰেছ আলী নামৰ তিনিজনকৈ লোক ৷ আহত লোক তিনিজন সম্প্ৰতি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

নগাঁৱত গৰু সৰবৰাহক লৈ উত্তেজনা

গৰুকেইটা চোৰাংকৈ সৰবৰাহ কৰাৰ সন্দেহত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে, অঞ্চলটোৰ একাংশ লোকে ধন দাবী কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ কিন্তু গৰুকেইটা আত্মীয়ৰ ঘৰৰ পৰা অনা বুলি দাবী কৰিছে অভিযুক্ত সৰবাৰহকাৰী পক্ষই ৷ ঘটনা সন্দৰ্ভত আহত লোক কেইজনৰ পৰিয়ালৰ লোকে স্থানীয় হয়বৰগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ৷ অভিযুক্ত পক্ষৰ ভাষ্য সংগ্ৰহৰ চেষ্টা কৰা হৈছে যদিও, মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে তেওঁলোক ৷

লগতে পঢ়কঃ যোগানমন্ত্ৰীৰ গৃহসমষ্টিত ৰাইজে জব্দ কৰিলে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চোৰাং চাউ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.