ETV Bharat / state

ক্ষুদ্ৰ শিলত সুধাকণ্ঠৰ প্ৰতিকৃতি অংকন কৰি গঢ়িলে অভিলেখ

এটা ক্ষুদ্ৰ শিলত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ মুখাবয়ৱ অংকন কৰা কলিয়াবৰৰ সূৰুয বৰকটকীয়ে গঢ়িলে অভিলেখ ৷ শেহতীয়াকৈ শিল্পীগৰাকী অন্তৰ্ভূক্ত হ'ল অসম বুক অৱ ৰেকৰ্ডছত ৷

surauj borkotoki of kaliabor creates assam record
ক্ষুদ্ৰ শিলত সুধাকণ্ঠৰ প্ৰতিকৃতি অংকন কৰা শিল্পীয়ে গঢ়িলে অভিলেখ
author img

By

Published : May 30, 2021, 11:22 AM IST

কলিয়াবৰ,30 মে’: কলিয়াবৰৰ এজন প্ৰতিভাৱান চিত্ৰশিল্পী সূৰুয বৰকটকী । শৈশৱৰে পৰা ছবি আঁকি ভালপোৱা সূৰুযে শেহতীয়াকৈ গঢ়িছে এক বিশেষ অভিলেখ । সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ মুখায়বয়ৱ এটা ক্ষুদ্ৰ শিলত অংকন কৰি ৰাজ্যিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । কলিয়াবৰৰ হাটবৰৰ সূৰুয বৰকটকী নামৰ চিত্ৰশিল্পী গৰাকীয়ে 3.5 চে: মি: x 7 চে: মি: আকাৰৰ এটা শিলত সুধাকণ্ঠৰ প্ৰতিকৃতি অংকন কৰি অসম বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৷

surauj borkotoki of kaliabor creates assam record
ক্ষুদ্ৰ শিলত সুধাকণ্ঠৰ প্ৰতিকৃতি অংকন কৰা শিল্পীয়ে গঢ়িলে অভিলেখ

কলিয়াবৰ মহাবিদ্যালয়ৰ পৰা কলা শাখাৰ স্নাতক ডিগ্ৰীধাৰী সূৰুযে শৈশৱৰে পৰাই নিজস্ব সাধনাৰে বিভিন্ন চিত্ৰ অংকন কৰি আহিছে । বিভিন্ন বিষয়ৰ লগতে স্বনামধন্য শিল্পী-সাহিত্যিকৰ প্ৰতিকৃতি অংকন কৰি সূৰযে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । ইতিমধ্যে, জুবিন গাৰ্গ, খগেন মহন্ত, হোমেন বৰগোহাঞিৰ লগতে নৰেন্দ্ৰ মোডী, তৰুণ গগৈ, কেশৱ মহন্ত, অখিল গগৈ আদি বিশিষ্ট ব্যক্তিৰ প্ৰতিচ্ছবি জীৱন্ত হৈ উঠিছে সূৰুযৰ কেনভাচত ।

উল্লেখযোগ্য যে, চিত্ৰকলাৰ কোনো আনুষ্ঠানিক শিক্ষা নথকাকৈয়ে সূৰুযে নিজস্ব সাধনাৰে নিমগ্ন হৈ আছে চিত্ৰ অংকনত । নিজাকৈ এখন চিত্ৰাংকন বিদ‍্যালয় আৰম্ভ কৰি চিত্ৰ শিল্পৰ শিক্ষা প্ৰদান কৰি আছে যুৱকজনে । শেহতীয়াকৈ এটা ক্ষুদ্ৰ শিলত চিত্ৰ আঁকি অভিলেখ গঢ়া সূৰুয বৰকটকীয়ে আন কেইবাটাও কামৰ পৰিকল্পনা হাতত লৈছে ৷ সেই সকলো পৰিকল্পনা পূৰণৰ বাবে তেওঁ এতিয়া ৰাইজৰ আশীৰ্বাদ বিচাৰিছে ।

লগতে পঢ়ক: তেজপুৰ শালনিবাৰী বিমানবন্দৰত ঘৰুৱা বিমানৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.