ETV Bharat / state

সাংসদ , চলচিত্ৰ নিৰ্মাতাৰ পাচত কি ৰূপত দেখিব শুকুৰক ? - nagaon

এইবাৰ শুকুৰ অলীৰ মিচন চামগুৰি । লোকসভাত শোচনীয় পৰাজয়ৰ পাচত এইবাৰ বিধানসভালৈ যোৱাৰ মন মেলিছে শুকুৰ আলীয়ে ৷ লুইতৰ প্ৰবল গৰাখহনীয়া আৰু মথাউৰিৰ ওপৰত থকা ৰাইজৰ দুৰ্বিসহ জীৱন দেখি শোকস্তব্ধ হৈ পৰা শুকুৰ আলীৰ এইবাৰ এই সিদ্ধান্ত ৷

ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাবলৈ সাজু শুকুৰ আলী
author img

By

Published : Jun 22, 2019, 10:08 AM IST

নগাঁও, 22 জুন : শুকুৰ আলীক মনত আছে নে ? সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা শুকুৰ আলী এইবাৰ আহি আছে চামগুৰিলৈ । লোকসভা নিৰ্বাচনৰ পাচতে চিনেমাৰ শ্বুটিঙত ব্যস্ত হৈ পৰা শুকুৰ আলীয়ে এইবাৰ মন মেলিছে বিধানসভালৈ যোৱাৰ ৷ সেয়েহে চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে পৰিছে শুকুৰ আলী ।

ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাবলৈ সাজু শুকুৰ আলী

চলচিত্ৰ নিৰ্মাণত ব্যস্ত হৈ পৰা শুকুৰে শ্বুটিঙৰ ঠাই পৰিদৰ্শন কৰিবলৈ চামগুৰিলৈ আহি বেদনাত ভাগি পৰিছে । লুইতৰ প্ৰবল গৰাখহনীয়া আৰু মথাউৰিৰ ওপৰত ৰাইজৰ দুৰ্বিসহ জীৱন দেখি শোকস্তব্ধ হৈ পৰা শুকুৰ আলীয়ে ল'লে পণ । চামগুৰিত এইবাৰ প্ৰাক্তন মন্ত্ৰী তথা সমষ্টিটোৰ বিধায়ক ৰকিবুল হুছেইনৰ বিৰুদ্ধে 2021 ত বিধানসভা নিৰ্বাচন খেলিব ৷ লগতে সংবাদ মাধ্যমৰ আগত ক'লে, "ৰকিবুল হুছেইন বিধায়ক নহয়, যদি বিধায়ক হ'লহেঁতেন তেন্তে ৰাইজৰ সমস্যা সমাধান কৰিলেহেতেন" ।

আৰু পঢ়ক - বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতে আজি বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোডী

Intro:বিগত লোকসভা নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা নিৰ্দলীয় ভাবে প্ৰতিদ্বন্দীতা কৰি সংবাদ শিৰোনাম দখল কৰা শুকুৰ আলি এইবাৰ আহি আছে চামগুৰিলৈ। প্ৰত্যাহ্বান জনাব ৰকিবুল হুছেইনক। এইবাৰ শুকুৰ অলীৰ মিচন চামগুৰি। Body:আপোনাৰ মনত আছে নে শুকুৰ আলীক। লোকসভা নিৰ্বাচনত ধুবুৰীৰ পৰা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে অৱতীৰ্ণ হৈ লাভ কৰিছিল চৰ্চা। নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত অতিশীঘ্ৰে শুকুৰ আলিয়ে খোজ দিব চলচিত্ৰ জগতত। শুকুৰ আলিয়ে প্ৰস্তুতি চলাইছে এখন চলচিত্ৰ নিৰ্মাণৰ বাবে।শ্বুটিঙৰ বাবে লোকেশ্বন চাবলৈ চামগুৰিলৈ আহি বেদনাত ভাগি পৰিছে শুকুৰ আলি।লুইতৰ প্ৰবল গৰাখহনীয়া আৰু মথাউৰিৰ ওপৰত ৰাইজৰ দুৰ্বিসহ জীবন দেখি শোকস্তব্দ্ধ শুকুৰ আলি।ৰাইজক দুখৰ পৰা মুক্তি দিবলৈ শুকুৰ আলিয়ে ল'লে পণ।চামগুৰিত এইবাৰ নিৰ্বাচন খেলিম।দুবছৰ আছে বিধানসভা নিৰ্বাচনলৈ।চামগুৰিৰ ৰাইজৰ মাজলৈ অতিশুনকালে আহিম।চামগুৰিৰ ৰাইজৰ দুখ দুৰ কৰিম।

Bite,শুকুৰ আলী।
Vo. শুকুৰ আলীৰ এইবাৰ টাৰ্গেট প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। ৰকিবুলক 2021 ত প্ৰত্যাহ্বান জনাব শুকুৰ অলীয়ে। ৰকিবুলৰ বিৰুদ্ধে শুকুৰে এৰিলে তীব্ৰ বাক্যবান।ৰকিবুল হুছেইন বিধায়ক নহয়।যদি বিধায়ক হ'লহেঁতেন তেন্তে ৰাইজৰ সমস্যা সমাধান কৰিলেহেতেন।কিন্তু আজিলৈকে সমাধান নহ'ল চামগুৰিৰ ভুৰবন্ধাৰ নৈ পৰীয়া লোকৰ সমস্যা।কেবল অভিনয় কৰিয়েই বিধায়ক হৈছে ৰকিবুল হুছেইন।
Bite:Sukur ali.Conclusion:চামগুৰি বিধানসভা সমষ্টিৰ পৰা যদি শুকুৰ আলী সঁচাকৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হয় তেন্তে অইন নহলেও পানী যে ঘোলা কৰিব সেয়া কিন্তু নিশ্চিত।
------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
22-6-19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.