ETV Bharat / state

Sudden visit of Jogen Mohan: নগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাজহ মন্ত্ৰীৰ ছাডেন ভিজিট

author img

By

Published : Feb 2, 2023, 10:42 AM IST

দুৰ্নীতিত লিপ্ত নহ'বলৈ নগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীক সঁকীয়নি ৰাজহ মন্ত্ৰী যোগেন মহনৰ । নগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মন্ত্ৰী মহনে আকস্মিক পৰিদৰ্শন কৰি এইদৰে সঁকীয়নি দিয়ে । তেওঁ নগাঁও মেডিকেল কলেজো পৰিদৰ্শন কৰে (Nagaon Medical College) । প্ৰয়োজনত অতিৰিক্ত সময় কাম কৰিবলৈকো মন্ত্ৰীগৰাকীৰ আহ্বান ।

Sudden visit of minister Jogen Mohan in Nagaon
নগাঁৱৰ অংগনৱাড়ী কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

নগাঁও, ২ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত নগাঁৱৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আকস্মিক পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ (Sudden visit of Minister Jogen Mohan in Nagaon)। বুধবাৰে বিয়লি ভাগত হঠাৎ নগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ পৰিদৰ্শন কৰে ৰাজহ মন্ত্ৰী যোগেন মহনে । নগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বিষয়া কৰ্মচাৰীৰ কাম-কাজৰ বুজ লোৱাৰ লগতে মিছন বসুন্ধৰা-২ ৰ পৰ্যবেক্ষণ কৰে মন্ত্ৰী যোগেন মহনে । এই কাৰ্যালয়টোত আকস্মিকভাৱে উপস্থিত হৈ ইয়াৰ বিষয়া-কৰ্মচাৰীৰ সৈতেও এক আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী ।

এই কাৰ্যালয়টো পৰ্যবেক্ষণ আৰু বিষয়া কৰ্মচাৰীৰ সৈতে হোৱা আলোচনাৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে । বিশেষকৈ কাৰ্যালয়টোৰ বিষয়া -কৰ্মচাৰীক কোনো দুৰ্নীতিত লিপ্ত নহ'বলৈ একপ্ৰকাৰ সঁকীয়নি দিয়ে মন্ত্ৰী যোগেন মহনে । ৰাজহ বিভাগৰ কাৰ্যালয় ৰাইজৰ সেৱা কৰা কাৰ্যালয় বুলি তেওঁ মন্তব্য় কৰি কয় যে ৰাইজে এই কাৰ্যালয়টোৰ পৰা পৰ্যাপ্ত সেৱা লাভ কৰিবই লাগিব । প্ৰয়োজনত অতিৰিক্ত সময় কাম কৰিব লাগিব বুলিও কৰ্মচাৰীক আহ্বান জনাই মন্ত্ৰী যোগেন মহনে ।

মিছন বসুন্ধৰা সন্দৰ্ভতো মন্তব্য কৰে ৰাজহ বিভাগৰ মন্ত্ৰীগৰাকীয়ে (Mission Bashundhara in Nagaon)। নগাঁৱত ইতিমধ্যে মিছন বসুন্ধৰা-২ ৰ জৰিয়তে তিনি হাজাৰৰো অধিক লোকে আবেদন জনোৱা বুলি উল্লেখ কৰে মন্ত্ৰী যোগেন মহনে । চৰকাৰৰ অন্যান্য কামৰ প্ৰসংগও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । ইপিনে, চৰকাৰী ভাৱে কৃষকৰ ধান ক্ৰয় কৰা সন্দৰ্ভতো মন্তব্য আগবঢ়ায় মন্ত্ৰী যোগেন মহনে । নগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আকস্মিক পৰিদৰ্শন কৰাৰ অন্তত তেওঁ নগাঁৱৰ কেইবাটাও অংগনৱাড়ী কেন্দ্ৰও পৰিদৰ্শন কৰে (Minister Jogen Mohan visits Anganwadi centres)।

আনহাতে, একেদিনাই নগাঁও মেডিকেল কলেজখনো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে (Jogen Mohan visited Nagaon Medical College)। তেওঁ নগাঁৱৰ ম'হখুলিত নিৰ্মীয়মান নগাঁও মেডিকেল কলেজত ইতিমধ্যেই আৰম্ভ কৰা চিকিৎসা সেৱাৰো বুজ লোৱাৰ লগতে নগাঁও মেডিকেল কলেজত ৰাইজে পৰ্যাপ্ত সেৱা লাভ কৰিব বুলি উল্লেখ কৰে । নগাঁও মেডিকেল কলেজত ৰোগী চাবলৈ আৰম্ভ কৰাৰ প্ৰথম দিনটোতেই ৭০ গৰাকীৰো অধিক ৰোগী উপস্থিত হোৱা বুলি কয় ৰাজহ মন্ত্ৰী যোগেন মহনে । তেওঁ মধ্য অসমবাসী ৰাইজৰ বহুদিনীয়া এটা সমস্য়াৰ সমাধান হ'ব বুলিও আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক:Forest Minister Chandra Mohan Patowary: পাৰিপাৰ্শ্বিক স্পৰ্শকাতৰ মণ্ডলত নচলিব অমৃত সৰোৱৰ আঁচনি কাম: পাটোৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.