ৰূপহীহাট, 24 জুনঃ নগাঁৱৰ ৰূপহীহাটত দিন দুপৰতে স্কুলীয়া ছাত্ৰীক অপহৰণ ৷ চোকা অস্ত্ৰ দেখুৱাই দুই তিনিজনীয়া অস্ত্ৰধাৰী দলে অপহৰণ কৰে ছাত্ৰী গৰাকীক ৷
বিদ্যালয়লৈ সহপাঠীৰ সৈতে টেম্পুত গৈ থকা অৱস্থাত ৰূপহীহাটৰ গুণাবাৰীৰ দলঙৰ সমীপত এখন ইণ্ডিকা গাড়ীত অহা দুই তিনিজনীয়া দুৰ্বৃত্তৰ দলে টেম্পু খন ৰখাই ছাত্ৰী গৰাকীক চোকা অস্ত্ৰ দেখুৱাই বলপূৰ্বকভাৱে ইণ্ডিকা গাড়ীখনত লৈ যায় ৷ সহপাঠীসকলে বান্ধৱী গৰাকীক বচাবলৈ চিঞৰ বাখৰ কৰিছিল যদিও চোকা অস্ত্ৰ দেখুৱাই তেওঁলোকক ভীতি প্ৰদৰ্শন কৰি ছাত্ৰী গৰাকীক অপহৰণ কৰে দুৰ্বৃত্তৰ দলটোৱে ৷
অপহৃত ছাত্ৰী গৰাকী ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী । ৰূপহীহাটৰ তেলিয়া চাপৰি গাঁৱৰ ছাত্ৰী গৰাকীৰ অপহৰণ কাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
ইফালে অপহৰণ কাণ্ড সংঘটিত কৰা গাড়ী খনৰ নম্বৰ AS02T 4497 বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷ আনহাতে, ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে ৰূপহীহাট থানাত সোমবাৰে এক গোচৰ ৰুজু কৰে ৷