নগাঁও, 29 মে' : কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱৰ নিবাসী দুৰ্লভ দাস নামৰ বিশেষভাৱে সক্ষম এগৰাকী ব্যক্তিয়ে চাইকেলৰ মেৰামতি কৰা এখন দোকান জৰিয়তে চলাই নিছে জীৱন সংগ্ৰাম ৷ দোকানখনৰ পৰাই দুবেলা দুমুঠি অন্ন যোগাৰ কৰি আহিছে দুৰ্লভ দাসে ৷
সীমাহীন দুখ-কষ্টৰ মাজৰে চাইকেল মেৰামতিৰ কাম কৰা দোকানৰ উৱলি যোৱা চালিৰ তলতে জীৱনৰ সংগ্ৰামখন চলাই গৈছে 51 বছৰীয়া দুৰ্লভে ৷ ৰন্ধা-বঢ়া, খোৱা-শোৱা সকলো কৰে এই কোঠালিতে ৷ বিশেষভাবে সক্ষম দুৰ্লভ দাসে চৰকাৰী সাহাৰ্যৰ নামত সামান্য আৰ্থিক অনুদান পাই আহিছে যদিও সেইয়াও অনিয়মীয়া । ইয়াৰ বাহিৰে অন্য কোনো সা-সুবিধা লাভ কৰা নাই দুৰ্লভ দাসে ।
শেহতীয়া ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে দুৰ্ভগীয়া ব্যক্তিয়ে এতিয়া সন্মুখীন হৈছে বৃহৎ প্ৰত্যাহ্বানৰ ৷ ক'ভিডৰ বাবে ৰাজ্যত হোৱা আংশিক ল'ক ডাউনৰ ফলত পূৰ্বৰ দৰে মেৰামতি কৰিবলৈও চাইকেল নোপোৱা হ'ল ৷ ইফালে, যি কেইখন চাইকেল মেৰামতিৰ বাবে তেওঁ দোকানলৈ আহিছে সেই কেইখন মেৰামতিৰ সামগ্ৰী কিনিবলৈকো তেওঁ নাই জমা ধন ৷ যাৰ বাবে চৰকাৰী সাহাৰ্যৰ সা-সুবিধা লাভ কৰাৰ আশাৰে এতিয়া বাট চাই ৰৈছে দুৰ্লভ দাসে । আহক এধানি সাহাৰ্যৰে আমিও আগবঢ়াও সহাঁয়ৰ হাত ৷
লগতে পঢ়ক: খোৱাঙৰ ক'ভিড আক্ৰান্তৰ কাষত লুৰিণজ্যোতি গগৈ