ETV Bharat / state

পুৰণিগুদামৰ জামে মছজিদত চুৰিকাণ্ড - Stolen at purani gudam jam-masjid

নগাঁও জিলাৰ আন ঠাই সমূহৰ দৰে পুৰণিগুদাম অঞ্চলত সঘনাই সংঘটিত হৈ আহিছে চুৰি কাণ্ড । শনিবাৰে ন-আলিমুৰস্থিত জামে মছজিদত সংঘটিত হয় চুৰি কাণ্ড ৷ মছজিদটোৰ মিনাৰত থকা দানপাত্রৰ তলা ভাঙি চোৰে লুটি নিয়ে প্ৰায় ৫০ হাজাৰ টকা ৷

পুৰণিগুদামৰ জামে-মছজিদত চুৰিকাণ্ড
পুৰণিগুদামৰ জামে-মছজিদত চুৰিকাণ্ড
author img

By

Published : Mar 7, 2021, 7:43 AM IST

Updated : Mar 7, 2021, 8:44 AM IST

চামগুৰি,7 মাৰ্চ: প্ৰতিদিনে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে এটাৰ পাছত আন এটা অপৰাধজনিত ঘটনা ৷ ক্ৰমাৎ যেন চোৰ-ডকাইতৰ উপদ্ৰৱেৰে ভৰি পৰিছে জিলাখন ৷ আন ঠাই সমূহৰ দৰে পুৰণিগুদাম অঞ্চলতো সঘনাই সংঘটিত হৈ আহিছে চুৰি কাণ্ড । শনিবাৰে পুৰণিগুদামৰ ন-আলিমুৰস্থিত জামে মছজিদত সংঘটিত হয় চুৰি কাণ্ড ৷ মছজিদটোৰ ঐতিহ্যমণ্ডিত মিনাৰত থকা দানপাত্রৰ তলা ভাঙি চোৰে প্ৰায় ৫০ হাজাৰ টকা লুটি নিয়াৰ লগতে ভাঙি থৈ যায় মছজিদৰ ভিতৰত থকা চিচিটিভিৰ ৰিচিভাৰ ।

পুৰণিগুদামৰ জামে মছজিদত চুৰিকাণ্ড

পুৱা মছজিদ পৰিচালনা সমিতিয়ে এই ঘটনা প্ৰত্যক্ষ কৰি পুৰণিগুদাম আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাটো পৰ্যবেক্ষণ কৰে ৷ স্থানীয় ৰাইজৰ লগতে মছজিদ পৰিচালনা সমিতিয়ে এই ঘটনাৰ লগত জড়িত লোকক আটক কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায় ৷ অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি যদিও অনাগত দিনত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ৷

পুৰণিগুদামৰ জামে-মছজিদত চুৰিকাণ্ড
পুৰণিগুদামৰ জামে মছজিদত চুৰিকাণ্ড

লগতে পঢ়ক: কংগ্ৰেছে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

Last Updated : Mar 7, 2021, 8:44 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.