ETV Bharat / state

ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰী সংৰক্ষণৰ বাবে বিশেষ প্ৰদক্ষেপ গ্ৰহণ

author img

By

Published : Nov 19, 2020, 12:04 PM IST

Updated : Jun 28, 2022, 11:22 AM IST

ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰীৰ উন্নয়নৰ আঁচনি সঠিক ৰূপায়নৰ বাবে বদ্ধপৰিকৰ বুলি অৱগত কৰিছে কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ বৰ্তমানৰ সভাপতি যতীন বৰাই ৷ ইতিমধ্যেই যোৱা ৫ নৱেম্বৰৰ পৰা পুখুৰীটোৰ পৰিস্কৰণৰ কাম আৰম্ভ হৈছে ৷

Bharali Baruah Pukhuri
ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰী সংৰক্ষণৰ বাবে বিশেষ প্ৰদক্ষেপ গ্ৰহণ

কলিয়াবৰ, 19 নৱেম্বৰ: কলিয়াবৰৰ কমলা কুঁৱৰী স্মৃতি বিজড়িত আহোম যুগৰ ঐতিহাসিক পুখুৰী ভঁৰালী বৰুৱা পুখুৰীটোৰ সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণৰ বাবে পূৱ-পূৱথৰী আঞ্চলিক পঞ্চায়তৰ বিশেষ প্ৰদক্ষেপ গ্ৰহণ ৷ পুখুৰীটোৰ চৌহদৰ বেৰা আৰু পাৰত গছপুলি ৰোপনৰ বাবে আঁচনি প্ৰস্তুত কৰি উলিয়াছে পঞ্চায়তটোৱে ৷ আঁচনিখনত মুঠ আৱণ্টিত ধনৰ পৰিমান ১৬ লাখ ৬৯ হাজাৰ ৪৩৮ টকা ৷ ইয়াৰে মহাত্মা গান্ধী নিশ্চিত নিয়োগ অধিনিয়মৰ মজুৰীত ধাৰ্য ধনৰ পৰিমাণ ১১ লাখ ৯৬ হাজাৰ ৮১৫ টকা আৰু ৪ লাখ ৭২ হাজাৰ ৬২২ টকা সা-সামগ্ৰীৰ ব্যয়ৰ বাবে নিৰ্দ্ধাৰণ কৰা হৈছে ৷ ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰীৰ উন্নয়নৰ আঁচনি সঠিক ৰূপায়নৰ বাবে বদ্ধপৰিকৰ বুলি অৱগত কৰিছে পূৱ-পূৱথৰীয়া আঞ্চলিক পঞ্চায়তৰ সদস্য তথা কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ বৰ্তমানৰ সভাপতি যতীন বৰাই ৷ লগতে অনতি পলমে আহোম যুগৰ স্মৃতি বিজড়িত সমলটিয়ে কলিয়াবৰ তথা অসমৰ ৰাইজক আকৰ্ষিত কৰিব বুলি আশা প্ৰকাশ কৰে সভাপতি গৰাকীয়ে ৷ ইতিমধ্যেই যোৱা ৫ নৱেম্বৰৰ পৰা পুখুৰীটোৰ পৰিস্কৰণৰ কাম আৰম্ভ হৈছে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ভঁৰালী বৰুৱা পুখুৰীৰ উন্নয়ন আৰু সংৰক্ষণৰ বাবে বৃহৎ পৰিমানৰ ধনৰ আৱন্টন হৈছিল যদিও সেই আঁচনিৰ সঠিক ৰূপায়ন নোহোৱাৰ অভিযোগ ৰাইজৰ ৷

প্ৰবাদ অনুসৰি আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত ঠিক শৰাইঘাট ৰণৰ আগে-আগে ৰাজ্যত ভয়ানকভাবে পানীৰ আকাল হৈছিল ৷ সেই সময়ত কলিয়াবৰত আহোম ৰাজ বিষয়া, ধৰ্মশীল পুৰুষ জয়ধ্বজ ভঁৰালী বৰুৱাই পানীৰ অভাৱ আৰু প্ৰজাৰ কষ্ট নিবাৰণৰ বাবে বহুলোকক লগাই পুখুৰী খন্দাইছিল ৷ কিন্তু দিনে-ৰাতিয়ে খাটিও পুখুৰীৰ পানী উলিয়াব নোৱাৰিলে ৷ স্বপ্নৰ আদেশ পাই ভঁৰালী বৰুৱাই মৰমৰ নুমলীয়া কমলা কুঁৱৰীক দান দিয়াত পানীৰে পুখুৰীটো উপচি পৰিল ৷ অসমৰ বহুল প্ৰচলিত জনশ্ৰুতি আৰু সাধুকথাৰ আলমত সৃষ্টি হোৱা গীত সমূহৰ ভিতৰত কমলা কুঁৱৰীৰ গীত অন্যতম ৷ কৰুণ ৰসাসিক্ত আৰু কাব্যিক সৌন্দৰ্যৰে ভৰা কমলা কুঁৱৰীৰ গীত উৎকৃষ্ট মালিতা ৷

প্ৰবাদ অনুসৰি কমলা কুঁৱৰী আছিল এজন আহোম বিষয়া ভঁৰালী ভাণ্ডাৰ বৰুৱাৰ সপ্তম তথা নুমলীয়া আদৰৰ কুঁৱৰী ৷ এবাৰ ৰাজ্যত ভয়ানক খৰাং হোৱাৰ সময়ত সপোনত দেখা বিধানৰ পৰিনতি স্বৰূপে ভঁৰালী বৰুৱাই কমলা কুঁৱৰীক পানীৰ নামত উচৰ্গা কৰে ৷ নিৰ্দিষ্ট দিনত এটা শুকান পুখুৰীত কুঁৱৰীক নমাই দিয়া হয় আৰু তেওঁ নমাৰ লগে লগে ক্ৰমশঃ পুখুৰীটো পানীৰে উপচি পৰে ৷ কিন্তু প্ৰজা তথা ৰাজ্যৰ বাবে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰা কমলা কুঁৱৰীৰ সেই পানীতেই ডুবি কৰুণ ভাবে মৃত্যু হয় ৷ অৱশ্যে এই পুখুৰীটো স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত খন্দা হৈছিল বুলিও এটা পক্ষই দাবী কৰে ৷

লগতে পঢ়কঃ বিশ্বজিৎ দৈমাৰী গ’ বেক ধ্বৰ্নিৰে উত্তাল খৈৰাবাৰী

Last Updated : Jun 28, 2022, 11:22 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.