বটদ্ৰৱা , ২২ জুন : বটদ্ৰৱাৰ ধনীয়াভেটিত শুকুৰবাৰে নিশা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । নিশা শুই থকা অৱস্থাত মাহী মাকে উৰ্পযুপৰি দাৰে ঘপিয়ালে ১০ বছৰীয়া পুত্ৰ সন্তানক ।
পিতৃ ফাইজ উদ্দিন ঘৰত নথকাৰ সুযোগলৈ মাহী মাক ফাৰজিনা খাতুন এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে । তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত ৰাইজে শিশুটি উদ্ধাৰ কৰি মূমূৰ্ষ অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে । ইপিনে স্থানীয় ৰাইজে ফাৰজিনা খাতুনক ধৰি বান্ধি বটদ্ৰৱা আৰক্ষীক গতাই দিয়ে । আনহাতে ফাৰজিনাক উদ্ধাৰ কৰিবলৈ আহি ভায়েক বাবুল ইছলামো ৰাইজৰ ৰোষত পৰে ।