ETV Bharat / state

7মাহে পেঞ্চনৰ পৰা বঞ্চিত ৰাজ্যৰ ক্ৰীড়া পেঞ্চনাৰ - কৰ'ণাসৃষ্ট পৰিৱেশ

বিগত সাত মাহ ধৰি ক্ৰীড়া পেঞ্চনাৰসকলে লাভ কৰা নাই পেঞ্চনৰ ধন। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া আৰ্থিকভাৱে ভীষণ সংকটৰ সন্মুখীন হ'ব লগা হৈছে পেঞ্চনাৰসকল ৷ পেঞ্চনৰ ধন লাভ নকৰাৰ বাবে পৰিয়াল পোহ-পাল দিয়াত অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে ক্ৰয় কৰিব পৰা নাই নিজৰ প্ৰয়োজনীয় ঔষধো ৷

State sports pensioner deprived of 7 months pension
7মাহে পেঞ্চনৰ পৰা বঞ্চিত ৰাজ্যৰ ক্ৰীড়া পেঞ্চনাৰ
author img

By

Published : Sep 24, 2020, 3:32 PM IST

নগাঁও,24ছেপ্তেম্বৰঃ কৰ'ণাসৃষ্ট পৰিৱেশত একপ্ৰকাৰ জুৰুলা সাধাৰণ ৰাইজ ৷ এনে চৰম দূৰ্যোগৰ সময়তে নিজৰ প্ৰাপ্য ধনৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যৰ ক্ৰীড়া পেঞ্চনাৰসকলৰ মাজত । বিগত সাত মাহ ধৰি ক্ৰীড়া পেঞ্চনাৰসকলে লাভ কৰা নাই পেঞ্চনৰ ধন। যাৰ পৰিপ্ৰেক্ষিতত আৰ্থিকভাৱে ভীষণ সংকটৰ সন্মুখীন হ'ব লগা হৈছে এতিয়া পেঞ্চনাৰসকল ৷ পেঞ্চনৰ ধন লাভ নকৰাৰ বাবে পৰিয়াল পোহ-পাল দিয়াত অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে ক্ৰয় কৰিব পৰা নাই নিজৰ প্ৰয়োজনীয় ঔষধো ৷

7মাহে পেঞ্চনৰ পৰা বঞ্চিত ৰাজ্যৰ ক্ৰীড়া পেঞ্চনাৰ

ইপিনে এই সন্দৰ্ভত বিভাগীয় মন্ত্ৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো আজি পৰ্যন্ত কোনো ধৰণৰ সুফল লাভ নকৰাৰ অভিযোগ নগাঁও জিলা ক্ৰীড়া পেঞ্চনাৰ সন্থাৰ সম্পাদক তথা বৰ্ষীয়ান ক্ৰীড়াবিদ ৰাজেন বৰকাকতিৰ। বৰ্ষীয়ান ক্ৰীড়াবিদ গৰাকীয়ে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ বিচাৰি ক্ৰীড়া পেঞ্চনাৰসকলৰ প্ৰাপ্য ধন আদায় দিবলৈ কাতৰ অনুৰোধ জনায় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.