ETV Bharat / state

পবিত্ৰ ভাদমাহত হৰি নামৰ ধ্বনিৰে মুখৰিত হ'ব ৰাজ্য

author img

By

Published : Aug 17, 2020, 6:26 PM IST

কৰ'ণা সন্ত্ৰাসৰ মাজতে ৰাজ্যৰ অন্য স্থানৰ লগতে কলিয়াবৰৰ প্ৰায় নামঘৰ আৰু সত্ৰতে অনুষ্টুপীয়াকৈ হ'লেও পৰম্পৰা ৰক্ষা কৰি আজিৰে পৰা আৰম্ভ হৈছে প্ৰাতঃ প্ৰসংগ । বৰতালৰ গুৰু-গহীন শব্দৰ মাজেৰে পুৱা প্ৰহৰৰ বৰগীতৰ পিচতেই মঞ্জিৰা নামৰ ধ্বনিৰে মুখৰিত হ'ব ভাদ মাহৰ প্ৰতি পুৱা ৷ গুৰু দুজনাৰ পবিত্ৰ সৃষ্টিৰে, গুঞ্জৰিত হ'ব কলিয়াবৰ, সোঁত বব ভকতিৰ অমিয়া ৰসৰ ।

Spiritual month of Bhada
কলিয়াবৰ

কলিয়াবৰ,17 আগষ্ট : আজি দোমাহী। মঙলবাৰৰ পৰা আৰম্ভ হ'ব অসমীয়া জন-জীৱনৰ পবিত্ৰ ভাদ মাহ ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিৰ লগতে শ্ৰীকৃষ্ণৰ জন্ম হৈছিল এই পবিত্ৰ ভাদ মাহতে ৷ ভাদ মাহ বুলিলেই মনলৈ আহে কীৰ্তন ঘোষাৰে মুখৰিত তথা মাহ প্ৰসাদৰ এক পবিত্ৰ পৰিৱেশ ৷ সত্ৰ-নামঘৰত আয়তী সকলৰ কীৰ্তন নাম-ঘোষাৰ প্ৰসংগৰ ধ্বনিৰ লগতে পুৱা-গধূলি ডবা, শংখ, বৰ কাঁহৰ শব্দত মুখৰিত হ'ব নামঘৰৰ চৌপাশ ৷

লগতে পঢ়কঃ ৰাজ্যজুৰি পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট

কৰ'ণা সন্ত্ৰাসৰ মাজতে ৰাজ্যৰ অন্য স্থানৰ লগতে কলিয়াবৰৰ প্ৰায়বোৰ নামঘৰ আৰু সত্ৰতে অনুষ্টুপীয়াকৈ হ'লেও পৰম্পৰা ৰক্ষা কৰি আজিৰে পৰা আৰম্ভ হৈছে প্ৰাতঃ প্ৰসংগৰ। বৰতালৰ গুৰু-গহীন শব্দৰ মাজেৰে পুৱা প্ৰহৰৰ বৰগীতৰ পিচতেই মঞ্জিৰাৰ ধ্বনিৰে মুখৰিত হ'ব ভাদ মাহৰ প্ৰতি পুৱা ৷ গুৰু দুজনাৰ পবিত্ৰ সৃষ্টিৰে গুঞ্জৰিত হ'ব কলিয়াবৰ; সোঁত বব ভকতিৰ অমিয়া ৰসৰ।

মঞ্জিৰাৰ ধ্বনিৰে মুখৰিত হ'ব ভাদ মাহৰ প্ৰতি পুৱা

অসমৰ ভক্তপ্ৰাণ ৰাইজৰ অন‍্যতম ধৰ্মীয়স্থলী ভঁৰালী নামঘৰতো কৰ'ণা সংক্ৰমণৰ সময়ত ল'বলগীয়া সকলো সাৱধানতাৰ মাজেৰে পৰম্পৰা ৰক্ষা কৰিবলৈ সাজু হৈছে পৰিচালনা সমিতি । ভাদ মাহতে অসমীয়া জাতি গঠনৰ ভেটি তৈয়াৰ কৰা দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি। তদুপৰি শ্ৰীকৃষ্ণৰ জন্মতিথিও ভাদ মাহতে। এই কথাকে সৰোগত কৰি ভাদ মাহটোক অতি পবিত্ৰ বুলি গণ্য কৰি নামঘৰে নামঘৰে ধ্বনিত হ'ব নাম-প্ৰসংগ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.