ETV Bharat / state

বানান বিভ্ৰাটে খেলিমলি লগাইছে পৰ্যটন বিভাগত

অসম পৰ্যটন বিভাগৰ 'Log Hut Complex and Cafeteria' ফলকৰ KUTHURI ক লৈ কলিয়াবৰৰ কুঠৰীত তীব্ৰ অসন্তুষ্টি ৷ শিল্পপ্ৰাণ চন্দ্ৰ ফুকন সোঁৱৰণী পৰ্যটন ক্ষেত্ৰৰ সমুখত অসম পৰ্যটন বিভাগৰ ফলকত ইংৰাজী ভাষাত লিখা 'কুঠৰী' (KUTHARI) শব্দটো 'কুঠুৰী' (KUTHURI) বুলি উল্লেখ কৰাত ক্ষোভিত স্থানীয় লোক ।

author img

By

Published : Nov 7, 2021, 11:38 AM IST

Spelling Perplexity of Tourism Department
অসম পৰ্যটন বিভাগৰ ফলকত বানানৰ বিভ্ৰাট

কলিয়াবৰ, 7 নৱেম্বৰ : শিল্পপ্ৰাণ চন্দ্ৰ ফুকন সোঁৱৰণী পৰ্যটন ক্ষেত্ৰত অসম পৰ্যটন বিভাগে শিল্পপ্ৰাণ গৰাকীৰ কলিয়াবৰৰ কুঠৰীস্থিত বাসভৱনৰ চৌহদত নিৰ্মাণ কৰা পৰ্যটন নিৱাস শেহতীয়াকৈ পৰ্যটকসকলৰ বাবে মুকলি কৰাৰ লগতে এখন 'কেফেটেৰীয়া'ৰো ব্যৱস্থা কৰিছে । সেই সংক্ৰান্তত পৰ্যটন বিভাগে আৱাসটোৰ সমুখভাগত লগোৱা ফলকত 'কুঠৰী' শব্দটো ইংৰাজী ভাষাত 'কুঠুৰী' লিখাত স্থানীয় সচেতন মহল ক্ষুব্ধ হৈ পৰিছে ।

পৰ্যটন বিভাগৰ এনে বহুৱালীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কুঠৰীৰ সচেতন নাগৰিকে । কুঠৰীৰ সচেতন নাগৰিকে লগতে অসমীয়া ভাষা প্ৰচলনৰ ক্ষেত্ৰত চৰকাৰে সদিচ্ছা দেখুৱাই ফলকখনত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈও দাবী জনাইছে । অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ এটা বিভাগে নিৰ্মাণ কৰা পৰ্যটন আৱাসটোৰ থকা স্থানৰ নামটোও শুদ্ধকৈ লিখিব নজনা বিভাগটো পৰ্যটন উন্নয়নৰ ক্ষেত্ৰত কিমান সচেতন সেইলৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ।

অসম পৰ্যটন বিভাগৰ ফলকত বানানৰ বিভ্ৰাট

অসম চৰকাৰৰ পৰ্যটন দপ্তৰৰ দায়িত্ব লৈয়েই মন্ত্ৰী বিমল বৰাই নিৰ্মাণৰত শিল্পপ্ৰাণ চন্দ্ৰ ফুকন সোঁৱৰণী পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰি অনতিপলমে মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছিল । কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া বাগৰি বনাঞ্চলৰ নাতিদূৰৈতে অৱস্থিত এই পৰ্যটন আৱাসটো দূৰ-দূৰণিৰ পৰ্যটকসকলৰ থকা-খোৱাৰ অসুবিধা দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি থাৱৰ কৰা হৈছে ।

লগতে পঢ়ক : বাল গংগাধৰ তিলকক কিয় 'Father of Indian Unrest' হিচাপে অভিহিত কৰিছিল ব্ৰিটিছে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.