ETV Bharat / state

বিশ্ব হস্তী দিৱসত হাতীৰ বাবে 400 বিঘা মাটিত ৰোপন কৰা হ’ল ধান

author img

By

Published : Aug 12, 2021, 7:44 PM IST

হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখলি-ৰংহাং গাঁৱত শুভাৰম্ভ কৰা হৈছে এক বিশেষ কৃষি কৰ্ম ৷ কিন্তু হাতী-মানুহৰ সংঘাত ৰোধ কৰাত কৃষিৰ কি ভূমিকা ? প্ৰকৃততে কি কৃষিকাৰ্য আৰম্ভ হৈছে অঞ্চলটোত ৷ সবিশেষ জানিবলৈ চাওক এই প্ৰতিবেদন...

special-agriculture-begins-in-hatikhali-ranghang-village-on-world-elephant-day
বিশ্ব হস্তী দিৱসত হাতীখলি-ৰংহাং গাঁৱত বিশেষ কৃষিকাৰ্যৰ শুভাৰম্ভ

চামগুৰি,12 আগষ্ট : বিশ্ব হস্তী দিৱসৰ দিনটোত নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখলি-ৰংহাং গাঁৱত শুভাৰম্ভ কৰা হৈছে এক বিশেষ কৃষিকাৰ্য ৷ ভৈয়ামৰ কৃষক ৰাইজে খেতি চপোৱাৰ সময়ত বন্যহস্তীৰ জাকে খাদ্যৰ সন্ধানত যাতে পাহাৰৰ পৰা নামি নাহি এই বিশেষ পথাৰ খনৰ ধান খেতিকে আহাৰ হিচাপে গ্ৰহণ কৰে সেই উদ্দেশ্যে আৰম্ভ কৰা হৈছে এই কৃষিকাৰ্য ৷

"হাতীবন্ধু" নামৰ এটি স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত আৰু গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত কৰা হৈছে এই বিশেষ কৃষি ৷ প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত তথা চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু পত্নী মেঘ্নাময়ূৰ হাজৰিকাৰ নেতৃত্বত বিগত দুটা বছৰ ধৰি হাতীখলি-ৰংহাং গাঁৱৰ পথাৰত কৰি অহা হৈছে এই কৃষিকাৰ্য ৷

এই কৃষিকাৰ্যৰ লগতে কাষৰে কাৰ্বি পাহাৰৰ এটি টকলা অংশৰ প্ৰায় 400 বিঘা মাটিত বন্যহস্তীৰ বাবে দুলু-মেঘনাহঁতে কৰা নেফিয়াৰ, ঝাৰু, ঔটেঙা, কুম্ভীৰ আদিৰ খেতিতো এতিয়া মুক্ত মনেৰে বিচৰণ কৰে বন্যহস্তীৰ জাকে ৷

লগতে পঢ়কঃ বিজেপিলৈ যাব কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ !

শেহতীয়াকৈ বঢ়মপুৰৰ বামুণী পাহাৰত 18 টাকৈ বন্যহস্তীৰ মৃত্যু তথা চামগুৰিৰ বিভিন্ন অঞ্চলত দিনে-নিশাই বন্যহস্তীয়ে উপদ্ৰৱ চলাই থকাৰ বিপৰীতে হাতীখলি-ৰংহাংৰ কৃষিকৰ্মৰ জৰিয়তে বিগত দুটা বছৰে বৃহত্তৰ অঞ্চলটোত হস্তী-মানৱৰ সংঘাত বহু পৰিমানে কম হৈছে ৷

উল্লেখ্যনীয় যে, তৃতীয় বাৰৰ বাবে পুনৰ গাঁওবাসীৰ সহযোগত শুভাৰম্ভ কৰা হৈছে বনৰীয়া হাতীৰ বাবে এই বৃহৎ কৃষিকাৰ্য ৷ বন্যহস্তীক খাদ্য যোগান ধৰিবৰ বাবে শুভাৰম্ভ কৰা কৃষিকাৰ্যত প্ৰথমেই ধূপ-দীপ-নৈবদ্য আগবঢ়াই গণেশ বন্দনাৰে সেৱা জনোৱা হয় ৷ 19 গৰাকীকৈ ৰোৱনীয়ে প্ৰায় 200 বিঘা মাটিত ধান ৰোপনৰ বাবে হাতত লৈছে এক মহান প্ৰচেষ্টা ৷ যাক লৈ এতিয়া সম্পূৰ্ণ আশাবাদী বিনোদ দুলু বৰা আৰু এই কৰ্মত আনন্দিত হৈ স্ব-ইচ্ছাৰে ওলাই অহা গাঁও খনৰ ৰোৱনী মহিলা সকল ৷

লগতে পঢ়কঃ মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে গছপুলি ৰোপণ কৰা গাঁওখন...

বিগত দুটা বছৰৰ দৰে এইবছৰো নিশ্চয় সফল হ'ব হাতীখলি-ৰংহাং বাসী ৷ ৰাজ্যৰ বিভিন্ন ঠাইত অব্যাহত থকা হস্তী-মানৱৰ সংঘাতপূৰ্ণ পৰিস্থিতিৰ মাজতে বিশ্ব হস্তী দিৱসৰ দিনটোত নগাঁও-কাৰ্বিআংলং সীমান্তত কৰা দুলু-মেঘনাহঁতৰ প্ৰচেষ্টা নিশ্চিতভাৱে ইতিবাচক খবৰ ৷

লগতে পঢ়কঃ আজি বিশ্ব হস্তী দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.