ETV Bharat / state

Encounter সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ তদন্ত বিচাৰিলে আনন্দ মিশ্ৰই - nagaon encounter

জয়নাল আবেদিনৰ এনকাউন্টাৰ সন্দৰ্ভত মানৱ অধিকৰা আয়োগৰ তদন্ত বিচাৰি পত্ৰ প্ৰেৰণ কৰিলে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ(Anand Mishra)ই ৷ আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলী চলাবলৈ বাধ্য হৈছিল বুলি সদৰী কৰে আই পি এছ বিষয়াগৰাকীয়ে ৷

sp anand misra reaction on encounter
এনকাউণ্টাৰ তদন্ত কৰক মানৱ অধিকাৰৰ আয়োগে
author img

By

Published : Jul 14, 2021, 7:26 PM IST

নগাঁও, 14 জুলাই : এনকাউণ্টাৰ(Police Encounter) সন্দৰ্ভত মানৱ অধিকাৰৰ আয়োগৰ তদন্ত বিচাৰিছে নগাঁও জিলাৰ আৰক্ষীৰ অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra)ই ৷ বিগত কেইদিন ধৰি আটক হোৱা অভিযুক্তক আৰক্ষীয়ে গুলি চালনা কৰা বিষয়টোৱে সমগ্ৰ ৰাজ্যতে ব্যাপক চৰ্চা লাভ কৰিছে ৷ কেৱল চৰ্চাই নহয়, এই বিষয়ত বিৰোধীয়েও শাসক পক্ষক বিভিন্ন ধৰণে প্ৰশ্ন উত্থাপন কৰিছে ৷

বিশেষকৈ নগাঁৱৰ ধিং শালিকাটিৰ জয়নাল আবেদিন নামৰ এজন অভিযুক্তৰ আৰক্ষীৰ গুলীত মৃত্যু হোৱাক লৈ তিনিগৰাকীকৈ বিধায়কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আনন্দ মিশ্ৰৰ বিৰুদ্ধেও তদন্ত হ’ব লাগে বুলি মন্তব্য কৰিছে ৷ বিধায়ক কেইগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পাচতে জয়নাল আবেদিনৰ মৃত্যুৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷ জয়নাল আবেদিনক একাংশই নিৰ্দোষী বুলি দাবী কৰা সময়তে আনন্দ মিশ্ৰই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷

এনকাউণ্টাৰ তদন্ত কৰক মানৱ অধিকাৰৰ আয়োগে

সাংবাদিকক সম্বোধন কৰি পূৰ্বেও কেইবাটাও অপৰাধৰ সৈতে জয়নাল আবেদিন জড়িত বুলি মন্তব্য প্ৰকাশ কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । ধিঙৰ শালকাটিত দেওবাৰে পুৱতি নিশা আৰক্ষী সৈতে হোৱা সংঘৰ্ষতহে মৃত্যু হৈছিল জয়নাল আবেদিনৰ । আৰক্ষীক আক্ৰমণৰ চেষ্টা চলোৱাত আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে জয়নালৰ ওপৰত গুলি চলাবলৈ আৰক্ষী বাধ্য হয় বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

ধিঙত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ তদন্ত বিচাৰি এক ৰিপ'ৰ্ট প্ৰেৰণ কৰিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷ আৰক্ষী বিষয়া গৰাকীয়ে কয়, এই বিষয়ত তদন্ত হ'ব লাগে ৷ ইচ্ছাকৃতভাৱে অভিযুক্ত জয়নালৰ ওপৰত গুলি চালনা কৰা নাছিল ৷ অভিযুক্ত জয়নালে আৰক্ষীক আক্ৰমণৰ চেষ্টা কৰিছিল বুলি কয় আনন্দ মিশ্ৰই ৷

লগতে পঢ়ক: এনকাউণ্টাৰৰ প্ৰসংগত সদনত কি ক'লে মুখ্যমন্ত্রীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.