বঢ়মপুৰ , ২৩ জুন : দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনতো পঞ্চায়ত উন্নয়ন ব্যৱস্থাত ব্যাপক দূৰ্নীতিয়ে বিৰাজ কৰিছে । বঢ়মপুৰৰ জুৰিপাৰ গাঁও পঞ্চায়তৰ উন্নয়নৰ কামত বিজেপি নেতাৰ মইমতালিৰ তথ্য পোহৰলৈ আহিছে ।
শেহতীয়াকৈ গাঁও পঞ্চায়তৰ চতুৰ্দশ বৃত্তীয় আয়ৰ ধনৰে প্ৰতিটো ৱাৰ্ডৰ পথ সমূহত পোহৰৰ ব্যৱস্থাৰ বাবে সৌৰশক্তি চালিত লাইট যোগান ধৰা হৈছিল ৷ কিন্তু কঠিয়াতলী উন্নয়ন খণ্ডৰ অন্তৰ্গত জুৰিপাৰ পঞ্চায়তত একাংশ বিজেপি কৰ্মীয়ে নিজৰ মইমতালিৰে পথৰ বিপৰীতে বিজেপি কৰ্মীৰ বাসগৃহৰ চোতালে চোতালে সৌৰশক্তি চালিত লাইট সমূহ স্থাপন কৰি দূৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে ৷ এই ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধি বা বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহন নকৰাত জাঙুৰ খাই উঠিছে পঞ্চায়তখনৰ বাসিন্দাসকল ।