ETV Bharat / state

বটদ্ৰৱাৰ আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত ৰূপালী জয়ন্তী পালন - ETV BHARAT

আয়তীৰ উৰুলি আৰু মাংগলিক ধ্বনিৰে মুখৰিত বটদ্ৰৱাৰ আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদ।

বটদ্ৰৱাৰ আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত ৰূপালী জয়ন্তী পালন
author img

By

Published : Apr 26, 2019, 9:11 PM IST

বটদ্ৰৱা,২৬ এপ্ৰিলঃ বিদ্যালয়ত গুৰু শিষ্যৰ আনন্দ উল্লাস । গায়ন বায়ন আৰু আয়তীৰ উৰুলি মাংগলিক ধ্বনিৰে আৰম্ভ হ'ল বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱ। ৩৪ খন পতাকা উত্তোলনেৰে আৰম্ভ হ'ল কাৰ্যসূচী। উদযাপন সমিতিৰ সভাপতি দিলীপ কুমাৰ বৰাকে প্ৰমুখ্য কৰি বৃহত্তৰ ৰাইদঙীয়া আঞ্চলৰ ৩৪ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা উত্তোলন কৰা হয় ৩৪ খন পতাকা। বিদ্যালয়ৰ ন-পুৰণি শিক্ষক শিক্ষয়িত্রী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত বৈছে সীমাহীন আনন্দৰ বন্যা। ১৯৮৬ চনত স্থাপিত বটদ্ৰৱাৰ সমীপৱৰ্তী নসত্ৰস্থিত এক অগ্ৰণী শিক্ষানুষ্ঠান আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালযত আজি পুৱা পৰিবেশ নিকাকৰণৰ পাছতে বন্তি প্ৰজ্বলন কৰে শলগুৰি ন- সত্ৰৰ সত্ৰাধিকাৰণী বিনা মহন্ত আৰু স্মৃতি তৰ্পণ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক কমল কলিতাই । কাৰ্যসূচী অনুসৰি বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ মূল তোৰণ উন্মোচন কৰে আইভেটি গাওঁ পঞ্চায়তৰ সভাপতি দেহিৰাম বৰাই। বিদ্যালয় খনৰ এই ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰাকলৈ গাওঁ খনত বিৰাজ কৰিছে এক উৎসৱময় পৰিবেশ।

Intro:আয়তীৰ উৰুলি আৰু মাংগলিক ধ্বনিৰে মুখৰিত বটদ্ৰৱাৰ আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয় । বিদ্যালয়ত গুৰু শিষ্যৰ আনন্দ উল্লাস । Body:উদুলি-মুদুলি বটদ্রৱাৰ আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদ। গায়ন বায়ন আৰু আয়তীৰ উৰুলি মাংগলিক ধ্বনিৰে আৰম্ভ হল বিদ্যালয়ৰ ৰূপালী জয়ন্তী উৎসৱ। ৩৪ খন পতাকা উত্তোলনেৰে আৰম্ভ হল কাৰ্যসূচী। উদযাপন সমিতিৰ সভাপতি দিলীপ কুমাৰ বৰাকে প্ৰমুখ্য কৰি বৃহত্তৰ ৰাইদঙীয়া আঞ্চলৰ ৩৪ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা উত্তোলন কৰা হয় ৩৪ খন পতাকা। বিদ্যালয়তন ন-পুৰণি শিক্ষক শিক্ষয়িত্রী আৰু ছাত্ৰ ছাত্ৰীৰ মাজত যেন সীমা হীন আনন্দৰ বন্যা। ১৯৮৬ চনতে স্থাপিত বটদ্ৰৱাৰ সমীপৱৰ্তী নসত্ৰস্থিত এক অগ্ৰণী শিক্ষানুষ্ঠান আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালযত আজি পুৱা পৰিবেশ নিকাকৰণৰ পাছতে বন্তি প্ৰজ্বলন কৰে শলগুৰি ন- সত্ৰৰ সত্ৰাধিকাৰণী বিনা মহন্ত আৰু স্মৃতি তৰ্পণ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক কমল কলিতাই । কাৰ্যসূচী অনুসৰি বিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ মূল তোৰণ উন্মোচন কৰে আইভেটি গাওঁ পঞ্চায়তৰ সভাপতি দেহিৰাম বৰাই। এনেদৰেই উলহ-মালহেৰে বিদ্যালয়ত আৰম্ভ হল ৰূপালী জয়ন্তী উৎসৱ । বিদ্যালয় খনৰ এই ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰাকলৈ গাওঁ খনত বিৰাজ কৰিছে এক উৎসৱময় পৰিবেশ ।_________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.