নগাঁও/কলিয়াবৰ, 19 মে’ : প্ৰথমে জোনমণি ৰাভাক শেষশ্ৰদ্ধা জনাই বিদায় দিয়াৰ পিচত শুকুৰবাৰে সন্ধিয়া বুকুত বিষাদৰ বেদনা চকুত চকুলো লৈ জোনমণি ৰাভাৰ চৰকাৰী কোৱাৰ্টাৰৰ পৰা বিদায় লোৱা জোনমণি ৰাভাৰ মাতৃয়ে (SI Junmoni Rabha Mother left at Nagaon police quarter) । 15 মে’ৰ মাজনিশা এক ৰহস্যজনক পথ দুর্ঘটনাত প্ৰাণ হেৰুৱাইছিল নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাই (Mystery death of SI Junmon) । জোনমণি ৰাভাৰ মৃত্যুক লৈ আজিও সৰ্বত্ৰে চাঞ্চল্য, প্ৰতিক্ৰিয়া ।
জোনমণি ৰাভাৰ মৃত্যুক যেন সহজভাৱে ল'ব পৰা নাই জোনমণি ৰাভাৰ পৰিয়ালৰ লগতে বিভিন্নজনে । ইয়াৰ মাজতে শুকুৰবাৰে নগাঁৱত উপস্থিত হয় এছ আই জোনমণি ৰাভাৰ মাতৃ । প্ৰথমেই নগাঁৱৰ জখলাবন্ধা আৰক্ষী থানাত উপস্থিত হৈ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত বিচাৰি দাখিল কৰে এখন এজাহাৰ ।
জখলাবন্ধা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ অন্তত শেষবাৰৰ বাবে আহি উপস্থিত হয় নগাঁও সদৰ আৰক্ষী থানাৰ সমীপত থকা জোনমণি ৰাভাৰ চৰকাৰী কোৱাৰ্টাৰটোত । অতি মেধাৱী, সাহসী একমাত্ৰ কন্যাক হেৰুৱাই কন্যাৰ চৰকাৰী কোৱাৰ্টাৰত উপস্থিত হৈ শোকত ভাগি পৰে জোনমণি ৰাভাৰ মাতৃ (Assam’s Lady Singham Junmoni Rabha killed)।
জোনমণি ৰাভাৰ কোঠালীত প্ৰৱেশ কৰা মাতৃক বাৰুকৈয়ে যেন আৱেগিক কৰি তুলিলে জোনমণি ৰাভাৰ স্মৃতিয়ে (SI Junmoni Rabha Mother)। কাৰণ জোনমণি ৰাভাৰ সৈতে প্ৰায়েই এই কোৱাৰ্টাৰতেই আছিল জোনমণিৰ মাতৃ । এই কোঠাতেই জোনমণিয়ে বৃদ্ধা মাতৃক কৰিছিল শুশ্ৰূষা । জোনমণি ৰাভাৰ এই চৰকাৰী কোৱাৰ্টাৰৰ ভিতৰত প্ৰৱেশ কৰিয়েই আৱেগিক হৈ পৰা মাতৃ লগতে অহা ককায়েক আৰু পৰিয়ালৰ লোকে জোনমণি ৰাভাৰ এপদ এপদ সামগ্ৰী বেগত ভৰাই ।
লগতে পঢ়ক : Junmoni Rabha mysterious death : জোনমণি ৰাভাৰ মৃত্যুক লৈ আভাজ্যোতি ৰাভা আৰু মনোজ ৰাজবংশীক জেৰা CID ৰ
জোনমণি ৰাভাই ব্যৱহাৰ কৰা কাপোৰ, জোনমণি ৰাভাৰ নথিপত্ৰ সামৰি লৈ চৰকাৰী কোৱাৰ্টাৰ পৰা শেষবাৰৰ বাবে বিদায় ল’লে জোনমণিৰ মাতৃসহ পৰিয়াল । জোনমণি ৰাভাৰ মাতৃক বিদায় দিবলৈ উপস্থিত হোৱা জোনমণি ৰাভাৰ সৈতে কৰ্তব্য পালন কৰা বহুকেইগৰাকী মহিলা আৰক্ষীও উপস্থিত হৈ আৱেগিক হৈ পৰা পৰিলক্ষিত হয় ।
এছ আই জোনমণি ৰাভাই প্ৰাণ হেৰুৱাৰ নিশাৰ কথা পুনৰ এবাৰ উল্লেখ কৰি আৱেগিক মাতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে বিচাৰিলে জোনমণি ৰাভাৰ ন্যায় । চি আই ডিয়ে নোৱাৰিলে চি বি আইৰ জৰিয়তে হ’লেও ন্যায় ভিক্ষা কৰিলে জোনমণি ৰাভাৰ মাতৃয়ে ।
ইপিনে শুকুৰবাৰেও নগাঁও আৰক্ষীৰ গেষ্ট হাউছত বাহৰ পতা চি আই ডিৰ দলে কেইবাজনো লোকক জেৰা চলায় । শুকুৰবাৰে জোনমণি ৰাভাৰ দুর্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাক চালককো লগত লৈ দুর্ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হয় চি আই ডিৰ এটা দল । শুকুৰবাৰে বিয়লি দুর্ঘটনা সংঘটিত কৰা কণ্টেইনাৰখনৰ চালক সুমিত কুমাৰ পালক আদালতত হাজিৰ কৰাত চালকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।
আনহাতে, জোনমণি ৰাভাৰ মৰুণোত্তৰ প্ৰতিবেদন দাখিল কৰা চিকিৎসকৰ ভাষ্যও চি আই ডিৰ দলটোৱে গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে । উল্লেখযোগ্য যে, নগাঁৱত থকা চি আই ডিৰ দলে শনিবাৰে পুনৰ কেইবাজনো লোকক জেৰা চলোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক : Junmoni Rabha Mother in Nagaon : আইনী যুঁজৰ বাবেও সাজুলৈ হৈছে জোনমণিৰ পৰিয়ালবৰ্গ