ETV Bharat / state

Shalna forest officer arrested:৮ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ বনাঞ্চলিক বিষয়া

author img

By

Published : Jul 12, 2023, 3:28 PM IST

কলিয়াবৰৰ শালনা বন বিভাগৰ কাৰ্যালয়ত দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযান । পুনৰ দূৰ্নীতি নিবাৰকৰ জালত উচ্চপদস্থ বন বিষয়া । উৎকোচ লওঁতেই গ্ৰেপ্তাৰ বনাঞ্চলিক বিষয়া ।

forest officer arrested in Nagaon
দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখা

কলিয়াবৰ,১২ জুলাই :ৰাজ্য় চৰকাৰে ঘোচখোৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে যিমানেই কঠোৰ পদক্ষেপ গ্ৰহণ নকৰক কিয় একাংশই এনে পদক্ষেপক অংগুষ্ঠ প্ৰদৰ্শন কৰি লৈ আছে উৎকোচ। ইয়াৰ মাজতেই নগাঁও জিলাৰ কলিয়াবৰত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বন বিষয়া । ইপিনে, মঙলবাৰে নিশা শালনাত অভিযোগকাৰীক প্ৰহাৰ কৰিলে স্থানীয় উদণ্ড লোকে ।

প্ৰায় ৮ ঘন্টা ধৰি দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই জেৰা চলাই উত্তৰাঞ্চল শালনা বনাঞ্চলিক বিষয়া নেপাল মণ্ডলক গ্ৰেপ্তাৰ কৰে । এটা ৮ জনীয়া দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ যায় ধৃত বিষয়াজনক । উল্লেখ্য় যে অভিযোগকাৰী বিশ্বনাথৰ মুৰতাজ আলী নামৰ কাঠ ব্যৱসায়ীজনেই সমগ্ৰ ঘটনা পোহৰলৈ আনিছিল । নিশা আৰক্ষী তথা দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযানকাৰীৰ সন্মুখতেই একাংশ উদণ্ড লোকে প্ৰহাৰ কৰে অভিযোগকাৰী মুৰতাজ আলীক । আৰক্ষীয়ে উত্তেজিত লোকৰ পৰা অভিযোগকাৰী মুৰতাজ আলীক উদ্ধাৰ কৰি গাড়ীত উঠাই লৈ যায় ।

উল্লেখ্য যে কলিয়াবৰ উত্তৰাঞ্চল শালনা বন বিভাগৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই চলাইছিল অভিযান । দুৰ্নীতি নিবাৰকৰ জালত পৰিছিল সহকাৰী বন সংৰক্ষক নেপাল মণ্ডল । নগাঁৱৰ সহকাৰী বন সংৰক্ষক নেপাল মণ্ডলক গ্ৰেপ্তাৰ কৰে দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই । ৮ হাজাৰ টকা উৎকোচ লওঁতেই গ্ৰেপ্তাৰ হয় মণ্ডল । উত্তৰাঞ্চল শালনা বনাঞ্চলিক বিষয়াৰ দায়িত্বতো আছিল সহকাৰী বন সংৰক্ষক নেপাল মণ্ডল ।

উল্লেখ্য় যে দীৰ্ঘদিনে শালনাত কাৰ্যনিৰ্বাহ কৰিছিল মণ্ডলে । আঠ হাজাৰ টকা উৎকোচ লৈছিল এজন কাঠ ব্যৱসায়ীৰ পৰা । বিশ্বনাথৰ এজন কাঠ ব্যৱসায়ীৰ পৰা সৰবৰাহৰ অনুমতি 'Transit Permit'ৰ নামত উৎকোচ লৈছিল বন বিষয়া নেপাল মণ্ডলে । বিয়লি প্ৰায় তিনি বজাৰ পৰা ৮ ঘণ্টা সময় ধৰি উত্তৰাঞ্চল শালনা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত নেপাল মণ্ডলক জেৰা চলায় ৮ জনীয়া অভিযানকাৰী দলটোৱে । এই অভিযোগকাৰী কাঠ ব্যৱসায়ীজনো আছিল শালনা বিষয়াৰ কাৰ্যালয়তে। বিশ্বনাথৰ মুৰতাজ আলী নামৰ কাঠ ব্যৱসায়ীজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই এই অভিযান চলাইছিল।

লগতে পঢ়ক:Assam erosion news : ৰঙাপৰাত ডিপোটা নদীৰ ভয়ংকৰ গৰাখহনীয়া; শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান চৰকাৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.