ETV Bharat / state

"আমাৰ চাকৰি ক'ত?" শীৰ্ষক শ্ল'গানেৰে নগাঁৱত ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিবাদ

author img

By

Published : Dec 22, 2020, 3:23 PM IST

ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে নগাঁৱত ছাত্ৰ ফেডাৰেশ্যন আৰু যুৱ ফেডাৰেশ্যনৰ প্ৰতিবাদ। আমাৰ চাকৰি ক'ত শ্ল'গানেৰে প্ৰতিবাদ সংগঠন দুটাৰ ।

sfi-protest-for-job
"আমাৰ চাকৰি ক'ত?" শীৰ্ষক শ্ল'গানেৰে নগাঁৱত ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিবাদ

নগাঁও, 22 ডিচেম্বৰ : আমাৰ চাকৰি ক'ত ? এই শ্ল'গানেৰে নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সৰ্বভাৰতীয় ছাত্ৰ ফেডাৰেশ্যন আৰু যুৱ ফেডাৰেশ্যনৰ নগাঁও জিলা সমিতিয়ে । নগাঁও মহাবিদ্যালয়ৰ সমীপত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে সংগঠন দুটাই । চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে পৰিৱেশ ।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনৰ পূৰ্বে নিবনুৱা যুৱক যুৱতীক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও প্ৰতিশ্ৰুতি পূৰণ কৰাত চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে । প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীক অতি শীঘ্ৰে নিযুক্তি প্ৰদানৰ দাবী উত্থাপন কৰে সংগঠন দুটাই । নিযুক্তি নিদিয়া পৰ্য্যন্ত শিক্ষিত নিবনুৱা যুৱক যুৱতীক মাহে ছয় হাজাৰ টকাকৈ প্ৰদান কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে।

লগতে পঢ়ক: যোৰহাটৰ ৰাজপথত চাকৰি বিচাৰি প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.