ETV Bharat / state

Sexual harassment case: নিচাযুক্ত দ্ৰব্য খুৱাই কিশোৰীক যৌন নিৰ্যাতন; আত্মীয়লৈ অভিযোগৰ আঙুলি

author img

By

Published : Mar 4, 2023, 11:09 AM IST

Updated : Mar 4, 2023, 3:22 PM IST

পুনৰ এক জঘন্য ঘটনা সংঘটিত হৈছে নগাঁৱত । কিশোৰীক নিচাজাতীয় ঔষধ খুৱাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে (Sexual harassment case) ।

Sexual harassment case
কিশোৰীক নিচাজাতীয় ঔষধ খুৱাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন

নগাঁও, 4 মাৰ্চ : ৰাজ্যত পুনৰ অঘটন ৷ এইবাৰ ঘটনাৰ স্থান নগাঁৱৰ ৰাঙলু ৷ অভিযোগ অনুসৰি, শুকুৰবাৰে বিয়লিৰ ভাগত নিচাজাতীয় দ্ৰব্য খুৱাই নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীক নিৰ্যাতন চলাইছে ছাত্ৰীগৰাকীৰ আত্মীয়ই (Attempt to rape in Nagaon) ৷ এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী কিশোৰীগৰাকীৰ আত্মীয়ই ৷

বিৱৰণি অনুসৰি, অভিযুক্তজন ভুক্তভোগী কিশোৰীৰ আত্মীয় হোৱা হেতুকে শুকুবাৰে বিয়লিৰ ভাগত কিশোৰীগৰাকীৰ লগতে তেওঁৰ এগৰাকী বান্ধৱীকো গাড়ীত উঠাই ফুৰাবলৈ লৈ গৈছিল । গাড়ীত গৈ থকাৰ অৱস্থাতে দুয়োগৰাকী কিশোৰীকে নিচাজাতীয় দ্ৰব্য খুৱাবলৈ চেষ্টা কৰিছিল ভুক্তভোগী কিশোৰীৰ অভিযুক্ত আত্মীয়জনে ৷

জানিব পৰা মতে, অভিযুক্তজনৰ লগত আছিল তেওঁৰ এজন বন্ধুও ৷ ভুক্তভোগী কিশোৰীৰ বান্ধৱীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, অভিযুক্ত লোকজনে কিশোৰীগৰাকীক নিচাজাতীয় দ্ৰব্য খুৱাবলৈ সক্ষম হৈছিল যদিও কিশোৰীগৰাকীৰ বান্ধৱীক কোনোধৰণৰ দ্ৰব্য খোৱাব পৰা নাছিল ৷

লগতে পঢ়ক : Sexual harassment case : 60 উৰ্ধৰ ব্যক্তিৰ কামনাৰ বলি হৈ অন্তঃসত্বা হ’ল বিশেষভাৱে সক্ষম যুৱতী

ফলত আদবাটতে গাড়ীৰ পৰা নমাই দিছিল ভুক্তভোগী কিশোৰীগৰাকীৰ বান্ধৱীক । তাৰ পাচতে ভুক্তভোগী কিশোৰীগৰাকীৰ বান্ধৱীগৰাকীয়ে ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকক সমগ্ৰ ঘটনাৰ বিৱৰণ কৰিছিল । এই কথা জানিব পাৰি ভুক্তভোগী কিশোৰীগৰাকীৰ আত্মীয়ই বিচাৰ-খচাৰ আৰম্ভ কৰে ৷ খবৰ দিয়া হয় আৰক্ষীক ৷

পৰৱৰ্তী সময়ত অচেতন অৱস্থাত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পৰা উদ্ধাৰ কৰা হয় ভুক্তভোগী কিশোৰীক (Sexual harassment case) ৷ তাৰ পাচতে আৰক্ষী আৰু পৰিয়ালৰ লোকে কিশোৰীগৰাকীক নিশাই ভৰ্তি কৰে চিকিৎসালয়ত । বাতৰি যুগুত কৰা পৰলৈকে চিকিৎসালয়তে আছিল ভুক্তভোগী কিশোৰীগৰাকী ৷

ইফালে উক্ত ঘটনা সংঘটিত কৰিয়েই ঘটনা স্থালীৰ পৰা পলায়ন কৰিছে অভিযুক্ত দুজনে ৷ বৰ্তমানেও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযুক্ত দুজনৰ সন্ধান ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ সম্পূৰ্ণ তদন্তৰ অন্তহে পোহৰলৈ আহিব সকলো তথ্য ৷

লগতে পঢ়ক : Ajit Chetia murder case: ডকাইতে হত্যা কৰিছিল অজিত চেতিয়াক; জালত পৰিল চাৰি হত্যাকাৰী

Last Updated : Mar 4, 2023, 3:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.