আমিনগাঁও,2 মে’ঃ উত্তৰ গুৱাহাটীৰ আউনী আটীয় সত্ৰৰ দুগ্ধ উৎপাদন কেন্দ্ৰলৈ সহায়ৰ হাত আগবঢ়ালে আহিছে বিজেপিৰ সংখ্যালঘু মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক তবিবৰ ৰহমানে । নেতাজনে সদ্যহতে পামখনলৈ 12 বস্তা চাপৰ আগবঢ়াই যদিও সম্পূৰ্ণ এমাহৰ পশু খাদ্য যোগানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে পামখনৰ গো-পালক সকলক ৷
লক্ ডাউন-2ঃ সপ্তদশ দিনটোত ক'ত কি ঘটিল ! - ৰঙিয়াত আৰ্তজনৰ কাষত ইণ্ডিয়ান ৰেডক্ৰছ চ’ছাইটি

15:01 May 02
উত্তৰ গুৱাহাটীৰ আউনী আটীয় সত্ৰৰ গো-পামলৈ সহায়ৰ হাত

13:39 May 02
নগাঁৱত কৰ্তব্যৰত আৰক্ষীক মহতিয়ালে বাহনে

নগাঁও,2 মে’ঃ লক্ ডাউনৰ মাজতে নগাঁৱৰ বটদ্ৰৱাত সংঘটিত হয় এক অঘটন । তালাচী চলাই থকা সময়ত বটদ্ৰৱা আৰক্ষী থানাৰ এগৰাকী আৰক্ষী জোৱানক খুন্দিয়াই আহত কৰে এখন চাৰিচকীয়া বাহনে । ধিঙৰ পৰা নগাওঁ অভিমুখে আহি থকা এখন চাৰিচকীয়া বাহনৰ তালাচী চলোৱা অৱস্থাত বাহনখনত থকা এটা সন্দেহজনক বেগ লাভ কৰে আৰক্ষীয়ে ৷ উক্ত বেগটোৰ তালাচী কৰিব বিচৰাত বাহনখনে তীব্ৰ গতিত খুন্দিয়াই পলায়ন কৰে কৰ্তব্যৰত আৰক্ষী জোৱান দেবাশীষ নাথক । সম্প্ৰতি নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে জোৱানজন ৷
12:40 May 02
কলগাছিয়াত বঙাইগাঁও সংযোগী অধিকাংশ পথ ছীল

জনিয়া,2 মে’ঃ বঙাইগাঁও জিলাক Covid 19 সংক্ৰমণৰ ৰেড জ'ন ঘোষণাৰ পিছত নিকটৱৰ্তী বৰপেটা জিলাত স্বাভাৱিকতে আতংকৰ সৃষ্টি হয় ৷ কিন্তু এইক্ষেত্ৰত অধিক তৎপৰতাৰে কাম কৰিছে বৰপেটা জিলা প্ৰশাসনে । বঙাইগাঁৱৰ লগত বৰপেটা সংলগ্ন প্ৰায়বোৰ পথ ইতিমধ্যে ছীল কৰি দিয়া হৈছে । শুকুৰবাৰে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অজিত কলিতাৰ নিৰ্দেশমৰ্মে অধিকাংশ পথ ছীল কৰা হয় ।
12:03 May 02
গোলাঘাটত পাঠদান ৰাইজৰ

গোলাঘাট,2 মে’ঃ ব্যতিক্ৰমী প্ৰচেষ্টা গ্ৰহণ গোলাঘাটৰ ফুলনীবাসী ৰাইজৰ ৷ গাঁৱৰ সমূহীয়া নামঘৰত ছাত্ৰ-ছাত্ৰীসকলক সম্পূৰ্ণ চৰকাৰী নিৰ্দেশ মানি দৈনিক বিভিন্ন বিষয়ৰ পাঠদান কৰিছে কেইবাজনো শিক্ষিত যুৱক-যুৱতী আৰু মহিলাই । তলা বন্ধৰ বাবে পঢ়াশুনাত কোনো ক্ষতি নহ’বলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷
09:28 May 02
ৰঙিয়াত আৰ্তজনৰ কাষত ইণ্ডিয়ান ৰেডক্ৰছ চ’ছাইটি

ৰঙিয়া,2 মে’ঃ ৰঙিয়াত আৰ্তজনৰ ওচৰত থিয় দিছে ইণ্ডিয়ান ৰেডক্ৰছ চ’ছাইটি । চ’ছাইটিৰ ৰঙিয়া জিলা সমিতিয়ে দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলক আগবঢ়ায় খাদ্য সামগ্ৰী ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰেডক্ৰছ চ’ছাইটিৰ ৰঙিয়া জিলা সমিতিৰ ডাঃ খবিৰুদ্দিন আহমেদৰ লগতে অন্যান্য বিষয়ববীয়া সকল ৷