ETV Bharat / state

তিনিদিনৰ পাচতো নীলা পানীৰ হ্ৰদত সন্ধান নাই বিকি কলিতাৰ

author img

By

Published : Oct 13, 2020, 6:00 PM IST

নগাঁও জিলাৰ কঠাগুৰিত অৱস্থিত নীলা পানীৰ হ্ৰদলৈ দেওবাৰে বন্ধুসহ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছিল গুৱাহাটীৰ বামুনীমৈদামৰ বিকি কলিতা । হ্ৰদৰ পানীত নমাৰ পৰতেই সন্ধানহীন হৈ পৰে যুৱকজন ৷ SDRF বাহিনীয়ে ইতিমধ্যে তিনিদিন ধৰি অভিযান চলাই ভাগৰি পৰিছে, তথাপিও সন্ধান লাভ কৰা নাই বিকি কলিতাৰ ।

blue water lake
blue water lake

নগাঁও, 13 অক্টোবৰ : তিনিদিন ধৰি কঠালগুৰি পাহাৰৰ নীলাপানী হ্ৰদত সন্ধানহীন হৈ আছে গুৱাহাটীৰ বিকি কলিতা । এছ ডি আৰ এফে যুৱকজনৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান । হ্ৰদটোৰ পাৰত পূজা অৰ্চনা পৰিয়ালৰ । নগাঁও জিলাৰ কঠাগুৰিত অৱস্থিত নীলা পানীৰ হ্ৰদলৈ দেওবাৰে বন্ধুসহ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছিল গুৱাহাটীৰ বামুনীমৈদামৰ বিকি কলিতা । হ্ৰদ পানীত নমাৰ পৰতেই সন্ধানহীন হৈ পৰে যুৱকজন ৷

blue water lake
বিকিৰ পৰিয়ালে আগবঢ়ালে পূজা

SDRF বাহিনীয়ে ইতিমধ্যে তিনিদিন ধৰি অভিযান চলাই ভাগৰি পৰিছে, তথাপিও সন্ধান লাভ কৰা নাই বিকি কলিতাৰ । যাৰ বাবে এতিয়া বিকি কলিতাৰ আত্মীয়ই এতিয়া SDRFৰ পৰিৱৰ্তে ঘটনাস্থলীলৈ NDRF বাহিনীৰ দল আনিবলৈ দাবী জনাইছে চৰকাৰ-প্ৰশাসনক । আনহাতে তিনিদিনে SDRF বাহিনীয়ে অভিযান চলাইও মৃতদেহ উদ্ধাৰৰ বাবে সক্ষম নোহোৱাত বিকি কলিতাৰ আত্মীয়ই সোমবাৰৰ পাচত মঙলবাৰেও নীলা পানী হ্ৰদৰ পাৰত নেদেখাজনলৈ আগবঢ়াইছে পূজা-অৰ্চনা । ধূপ-দীপ-নৈবদ্যৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় কাকূতি-মিনতি কৰিছে বিকি কলিতাৰ আত্মীয়-স্বজনে । উল্লেখ্য যে, ইয়াৰ পূৰ্বেও অনুৰূপ কেইবাটাও ঘটনা সংঘটিত হৈছে এই হ্ৰদটোত ৷

blue water lake
নীলা পানীৰ হ্ৰদত সন্ধান নাই বিকি কলিতাৰ

লগতে পঢ়ক : মৰিগাঁৱত শিশু খাদ্য বিতৰণৰ নামত দুৰ্নীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.