কলিয়াবৰ, ২৪ ডিচেম্বৰ: বুধবাৰে শিলঘাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কলিয়াবৰ অগ্নি নিৰ্বাপক বাহিনীৰ উদ্যোগত এখন সজাগতা সভাৰ অনুষ্ঠিত কৰা হয় । জৰুৰী পৰিস্থিতি ভয়াৱহ বিপদৰে মোকাবিলা কৰাৰ বিভিন্ন কৌশলৰ বিষয়ে প্ৰশিক্ষণ দিয়াৰ বাবে এই সভাৰ আয়োজন কৰা হয় । অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে মকড্ৰিলৰ জৰিয়তে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে বৰ্ণনা কৰে ।
বিশেষকৈ চিকিৎসালয়ত জুই লাগিলে কেনেধৰণৰ ব্যবস্থা গ্ৰহণ কৰিব লাগে, তাৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰাৰ লগতে জুই নুমুৱাবলৈ এষ্টিংগুইচাৰ কি দৰে ব্যৱহাৰ কৰিব লাগে সেয়াও শিকাই দিয়ে ।
কলিয়াবৰ অগ্নি নিৰ্বাপক বাহিনীৰ উদ্যোগত আয়োজিত এই সজাগতামূলক অনুষ্ঠানত চিকিৎসালয়খনৰ চিকিৎসক, স্বাস্থ্য কৰ্মীৰ লগতে একাংশ ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে । উল্লেখ্য যে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ চিকিৎসালয়ত এই সজাগতা অভিযান চলোৱাৰ পৰিকল্পনা হাতত লৈছে সংশ্লিষ্ট বিভাগটোৱে ।
লগতে পঢ়ক:ঘোঁৰামৰাত বিকল পানী যোগান আঁচনি