ETV Bharat / state

Anandaram Dekial Fukan Award : ভাস্কৰ্য শিল্পী বীৰেন সিংহলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা - গুৱাহাটী বিশ্ববিদ্যালয়ে সম্মানীয় ডক্টৰেট ডিগ্রী

নগাঁৱত বিশিষ্ট শিল্পী বীৰেন সিংহলৈ 2023 বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান কৰা হয় ৷ বঁটাত আছে চেলেং, মানপত্ৰ, শৰাই, ফুলৰ থোপা, কিতাপৰ টোপোলাৰ লগতে 25 হাজাৰ টকা এটাৰ এখন চেক ।

SCULPTOR BIREN SINGHA AWARDED
ভাস্কৰ্য শিল্পী বীৰেণ সিংহলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 7:17 AM IST

ভাস্কৰ্য শিল্পী বীৰেণ সিংহলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

নগাঁও, 23 ছেপ্টেম্বৰ: অসমৰ এগৰাকী খ্যাতিমান নিপুণ ভাস্কৰ্য শিল্পী বীৰেন সিংহলৈ আগবঢ়োৱা হৈছে 2023 বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা । নগাঁৱৰ এখনি আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে বিগত 2017 চনৰ পৰা ঊনবিংশ শতিকাত অসমীয়া ভাষা উদ্ধাৰৰ প্ৰধান নায়ক, আধুনিকতাৰ অগ্ৰদূত আনন্দৰাম ঢেকিয়াল ফুকনৰ নামত প্ৰদান কৰি আহিছে এই বঁটা । বিগত বৰ্ষবোৰত বিশিষ্ট বিজ্ঞানী বিদ্যুৎ শর্মা, বিশিষ্ট সমাজকর্মী বিৰুবালা ৰাভা, বিশিষ্ট ভাষাবিদ-সাহিত্যিক নাহেন্দ্ৰ পাদুন, প্রখ্যাত অভিনেতা বিষ্ণু খাৰঘৰীয়া আৰু বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলে এই বঁটা আগবঢ়োৱাৰ পাছত এই বৰ্ষৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট ভাস্কৰ চিত্রশিল্পী, কলা নির্দেশক তথা লেখক বীৰেন সিংহলৈ ।

নিজকে এগৰাকী সফল ভাস্কৰ্য শিল্পী হিচাপে প্রতিষ্ঠিত কৰা বীৰেন সিংহৰ প্রায় 200 ভাস্কর্য শিল্প অসম তথা উত্তৰ-পূব ভাৰতৰ বিভিন্ন প্ৰান্তত স্থাপিত হৈছে । ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ মাজত সংস্থাপিত 35 ফুট উচ্চতাৰ লাচিত বৰফুকনৰ পূর্ণাবয়ৱ মূর্তি, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত 2018 চনত সংস্থাপিত ঢেকিয়াল ফুকনৰ পূর্ণাবয়ৱ মূৰ্তি অন্যতম । ভাস্কর্য শিল্পৰ মাজেদি অসমৰ জনকৃষ্টিক দৃশ্যমান কৰি তোলা অপূৰ্ব শৈলীৰ বাবেই মূলতঃ তেখেতক ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ে সম্মানীয় ডক্টৰেট ডিগ্রী প্ৰদান কৰিছে ।

শুকুৰবাৰে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত সিংহলৈ এই বঁটা আগবঢ়োৱা হয় । উক্ত অনুষ্ঠানতে মহাবিদ্যালয়খনে বিগত বৰ্ষৰ দৰে 2023 বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন স্মাৰক বক্তৃতানুষ্ঠানৰ অনুষ্ঠিত কৰে । এই বৰ্ষৰ বক্তৃতা প্ৰদান কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা ৰসায়ন বিজ্ঞানৰ খ্যাতিমান গৱেষক ড° ৰমেশ চন্দ্ৰ ডেকাই ।

উল্লেখ্য যে, ড° হীৰেন গোহাঁই, ভবেন বৰুৱা, ৰঞ্জিত কুমাৰ দেৱগোস্বামী, এছ এন. শ্রীবাস্তব, ড° ৰাজেন শইকীয়া, প্রভাত বৰা আদি বিদ্বান ব্যক্তিয়ে ইতিমধ্যে বিগত বৰ্ষবোৰত অনুষ্ঠানটোত প্ৰদান কৰি গৈছে সাৱলীল বক্তৃতা ৷ তদুপৰি, মহাবিদ্যালয়খনে উক্ত বক্তৃতাসমূহৰ এখন একত্র সংকলনো প্ৰকাশ কৰি উলিয়াইছে ।

ভাস্কৰ্য শিল্পী বীৰেন সিংহলৈ আগবঢ়োৱা বঁটাত আছে চেলেং, মানপত্ৰ, শৰাই, ফুলৰ থোপা, কিতাপৰ টোপোলাৰ লগতে 25 হাজাৰ টকা এটাৰ এখন চেক । নগাঁৱৰ সমাজ জীৱনৰ ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষ ড৹ সদানন্দ পায়েঙে ৷ উদেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অধ্যয়ন চক্ৰৰ সমন্বয়ক অৰিন্দম বৰকটকীয়ে আৰু আঁত ধৰে ডঃ মিলন নেওগে ।

লগতে পঢ়ক : Bihu Controversy : পুনৰ বিহু নাচক লৈ বিতৰ্ক; এইবাৰ গুৱাহাটীতেই বিকৃতৰূপত উপস্থাপন বিহু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.