ETV Bharat / state

সংখ্যালঘুৰ জলপানিঃ ৰাজ্যত দুৰ্নীতিৰ ভয়ংকৰ নেটৱৰ্ক ! - corruption

ছাত্ৰ ছাত্ৰীৰ জলপানিৰ নামত সংঘটিত এই কেলেংকাৰীৰ আওতালৈ আহিব শিক্ষা বিভাগৰো বহু কৰ্মচাৰী। কেলেংকাৰীটোত বহু প্ৰভাৱশালী ব্যক্তি জড়িত থকাৰ সন্দেহ কৰা হৈছে যদিও আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সকলো তথ্য।

সংখ্যালঘুৰ জলপানিঃ ৰাজ্যত দুৰ্নীতিৰ ভয়ংকৰ নেটৱৰ্ক !
author img

By

Published : Sep 16, 2019, 11:33 PM IST

নগাঁও, 16চেপ্তেম্বৰঃ নগাঁও আৰক্ষীৰ তদন্তত ফাদিল সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ জলপানীৰ বৃহৎ কেলেংকাৰী। ভুৱা একাউণ্ট খুলি কোটি কোটি টকা আত্মসাৎ দুষ্টচক্ৰৰ। তদন্তৰ বাবে নগাঁও আৰক্ষীয়ে গঠন কৰিছে বিশেষ তদন্তকাৰী গোট । সমগ্ৰ ৰাজ্যতে সংঘটিত হোৱা কেলেংকাৰীৰ তথ্য নগাঁও আৰক্ষীৰ হাতত। এজনক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত।

সমগ্ৰ ৰাজ্যতে এই ভয়াৱহ কেলেংকাৰীৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে নগাঁও আৰক্ষীয়ে ফাদিল কৰিলে এই কেলেংকাৰীৰ তথ্য। ইতিমধ্যে নগাঁৱৰ জুৰীয়া আৰক্ষী থানাত ৩৫০/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ কেবাটাও ধাৰাত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল নগাঁও আৰক্ষীয়ে। এই গোচৰৰ ভিত্তিত দেওবাৰে নিশা আটক কৰা জুৰীয়া সোনাইবেৰাৰ ছাহজাহান আলী নামৰ লোকজনক সোমবাৰে গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে চলোৱা অভিযানত বহু অপত্তিজনক নথি-পত্ৰও জব্দ কৰা হয়। প্ৰায় আঢ়ৈ হাজাৰ ভুৱা একাউন্টৰ সহায়ত ধন আত্মসাতৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে। ধৃত ছাহজাহানৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে নগাঁৱৰ আৰু দুজন লোকৰ ঘৰতো অভিযান চলাই লাভ কৰিছে কেলেংকাৰীৰ বহু ভয়াৱহ তথ্য। এই চক্ৰটোৱে কেৱল নগাঁও জিলাতেই নহয় সমগ্ৰ ৰাজ্যতে গঠন কৰা এক বৃহৎ নেটৱৰ্কৰ তথ্যও নগাওঁ আৰক্ষীৰ হাতত আহি পৰিছে । বিশেষকৈ গ্ৰামীণ বিকাশ বেংক আৰু ইউ বি আই বেংকৰ একাংশ গ্ৰাহক সেৱা কেন্দ্ৰৰ অধীনত থকা একাউণ্টতে এই কেলেংকাৰী সংঘটিত হোৱা বুলি উল্লেখ আৰক্ষীৰ। কেলেংকাৰীত বেংকৰ চি এছ পি জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। সমগ্ৰ কেলেংকাৰীৰ তদন্ত ক্ষীপ্ৰ কৰিবলৈ নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে গঠন কৰিছে বিশেষ তদন্তকাৰী দল।

সংখ্যালঘুৰ জলপানিঃ ৰাজ্যত দুৰ্নীতিৰ ভয়ংকৰ নেটৱৰ্ক !
উল্লেখযোগ্য যে, ছাত্ৰ ছাত্ৰীৰ জলপানীৰ নামত সংঘটিত এই কেলেংকাৰীৰ আওতালৈ আহিব শিক্ষা বিভাগৰো বহু কৰ্মচাৰী। কেলেংকাৰীটোত বহু প্ৰভাৱশালী ব্যক্তি জড়িত থকাৰ সন্দেহ কৰা হৈছে যদিও আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সকলো তথ্য।

Intro:নগাওঁ আৰক্ষীৰ তদন্তত ফাদিল সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ জলপানীৰ বৃহৎ কেলেংকাৰী। ভুৱা একাউণ্ট খুলি কোটি কোটি টকা আত্মসাৎ দুষ্টচক্ৰৰ। তদন্তৰ বাবে নগাওঁ আৰক্ষীয়ে গঠন কৰিছে বিশেষ তদন্তকাৰী গোট । সমগ্ৰ ৰাজ্যতে সংঘটিত হোৱা কেলেংকাৰীৰ তথ্য নগাওঁ আৰক্ষীৰ হাতত। এজনক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত।

Body:সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ জলপানীৰ নামত ভয়াৱহ কেলেংকাৰী। নগাওঁ আৰক্ষীৰ হাতত বৃহৎ কেলেংকাৰীৰ ভয়াৱহ তথ্য। গঠন বিশেষ তদন্তকাৰী দল।
হয়, সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ জলপানীৰ নামত কেন্দ্ৰীয় চৰকাৰে আবন্টন দিয়া ধনত পৰিছে দুষ্টচক্ৰৰ চকু। ছাত্ৰ ছাত্ৰীৰ নামত আৱন্টিত ধন সোমাইছে দালাল চক্ৰৰ পকেটত। সমগ্ৰ ৰাজ্যতে এই ভয়াৱহ কেলেংকাৰীৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে নগাওঁ আৰক্ষীয়ে ফাদিল কৰিলে এই কেলেংকাৰীৰ তথ্য। ইতিমধ্যে নগাঁৱৰ জুৰীয়া আৰক্ষী থানাত ৩৫০/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ কেবাটাও ধাৰাত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল নগাওঁ আৰক্ষীয়ে। এই গোচৰৰ ভিত্তিত দেওবাৰে নিশা আটক কৰা জুৰীয়া সোনাইবেৰাৰ ছাহজাহান আলী নামৰ লোকজনক সোমবাৰে গ্ৰেপ্তাৰ কৰে নগাওঁ আৰক্ষীয়ে। আৰক্ষীয়ে চলোৱা অভিযানত বহু অপত্তিজনক নথি পত্ৰও জব্দ কৰে ছাহজাহান আলীৰ বাসগৃহৰ। প্ৰায় আঢ়ৈ হাজাৰ ভুৱা একাউন্টৰ সহায়ত ধন আত্মসাতৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে। ধৃত ছাহজাহানৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে নগাঁৱৰ আৰু দুজন লোকৰ ঘৰতো অভিযান চলাই লাভ কৰিছে কেলেংকাৰীটোৰ বহু ভয়াৱহ তথ্য। এই চক্ৰটোৱে কেৱল নগাওঁ জিলাতেই নহয় সমগ্ৰ ৰাজ্যতে গঠন কৰা এক বৃহৎ নেটৱৰ্কৰ তথ্যও হাতত পৰিছে নগাওঁ আৰক্ষীৰ। বিশেষকৈ গ্ৰামীণ বিকাশ বেংক আৰু ইউ বি আই বেংকৰ একাংশ গ্ৰাহক সেৱা কেন্দ্ৰৰ অধীনত থকা একাউণ্টতে এই কেলেংকাৰী সংঘটিত হোৱা বুলি উল্লেখ আৰক্ষীৰ। কেলেংকাৰীত বেংকৰ চি এছ পি জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। সমগ্ৰ কেলেংকাৰীৰ তদন্ত ক্ষিপ্ৰ কৰিবলৈ নগাওঁ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে গঠন কৰিছে বিশেষ তদন্তকাৰী দল।
bite, sp

Conclusion:উল্লেখযোগ্য যে ছাত্ৰ ছাত্ৰীৰ জলপানীৰ নামত সংঘটিত এই কেলেংকাৰীৰ আওতালৈ আহিব শিক্ষা বিভাগৰো বহু কৰ্মচাৰী। কেলেংকাৰীটোত বহু প্ৰভাৱশালী ব্যক্তি জড়িত থকাৰ সন্দেহ কৰা হৈছে যদিও আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সকলো তথ্য।
----------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
১৬-৯-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.