নগাঁও, 29 জানুৱাৰীঃ গ্ৰামীণ জীৱিকা অভিযানত ব্যাপক কেলেংকাৰীৰ অভিযোগ ৷ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ মহিলাৰ সৱলীকৰণৰ নামত নগাঁও গ্ৰামীণ জীৱিকা অভিযানত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নগাঁৱৰ এগৰাকী আৰটিআই কৰ্মীয়ে ৷ বুধবাৰে নগাঁও প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি এই আঁচনিৰ অধীনত প্ৰায় ৫০ কোটি টকাৰ এক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ কৰিছে আৰটিআই কৰ্মী নৰেন্দ্ৰ প্ৰসাদ চৌহানে। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্য সংবাদমেলত সদৰী কৰি ২০১৮ বৰ্ষৰ মাৰ্চ মাহত খগেন মহন্ত প্ৰেক্ষাগৃহত আয়োজিত শিবিৰত এক লাখ ২২ হাজাৰ, নৱেম্বৰত নেহেৰুৱালীত আয়োজিত চাৰজ মেলাত ২০ হাজাৰ টকা খৰচ হৈছে বুলি উল্লেখ কৰে ৷
কিন্তু ২০১৮ বৰ্ষত ১১ টা বেংকে ২০৬২ টা আত্মসহায়ক গোটক ২৭ কোটি ৯৪ লাখ টকা ঋণ দিয়াৰ তথ্য দিয়া বুলি সংবাদ মেলত উল্লেখ কৰে আৰটিআই কৰ্মীগৰাকীয়ে। একেদৰে ২০১৯ বৰ্ষত ৯ টা বেংকে ১৩১৫ টা গোটক ২১ কোটি ৭৬ লাখ টকা ঋণ দিয়াৰ তথ্যও সদৰী কৰে। গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ মহিলাৰ সৱলীকৰণৰ নামত চৰকাৰে গ্ৰহণ কৰা গ্ৰামীণ জীৱিকা অভিযানৰ ধন বহু ভুৱা আত্মসহায়ক গোটৰ নামত প্ৰদান কৰি এক বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰ টি আই কৰ্মী চৌহানে।
আৰু পঢ়কঃমৰিগাঁৱত পিতৃৰ পৰা টকা নাপায় নিজ গৃহত অগ্নি সংযোগ কৰি পলায়ন পুত্ৰৰ