ETV Bharat / state

Jan Aushadhi Diwas 2023: নগাঁৱৰ জন ঔষধী কেন্দ্ৰৰ পৰা ঔষধ ক্ৰয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - Sarbananda Sonowal purchases medicine

নগাঁৱৰ জন ঔষধী কেন্দ্ৰৰ পৰা ঔষধ ক্ৰয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ যোৱা 7 মাৰ্চত নগাঁৱত ৰাজ্যিক পৰ্যায়ত পালন কৰা হয় জন ঔষধি দিৱস ২০২৩(Jan Aushadhi Diwas 2023)৷ দিৱসৰ লগত আয়োজিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ অনুষ্ঠানত অংশগ্ৰহণৰ পূৰ্বে নগাঁৱৰ হাফিজুৰ ৰহমান নামৰ ব্যক্তিজনৰ জন ঔষধী কেন্দ্ৰত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷

Jan Aushadhi Kendra in Nagaon
জন ঔষধী কেন্দ্ৰৰ পৰা ঔষধ ক্ৰয় সৰ্বানন্দ সোণোৱালৰ
author img

By

Published : Mar 8, 2023, 9:16 AM IST

নগাঁও, 8 মাৰ্চ: যোৱা 7 মাৰ্চত নগাঁৱত ৰাজ্যিক পৰ্যায়ত পালন কৰা হয় “জন ঔষধি দিৱস ২০২৩”(Jan Aushadhi Diwas 2023) ৷ নগাঁও সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত আছিল বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষৰ(Ministry of Ayush) কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Cabinet minister Sarbananda Sonowal)।

জন ঔষধী দিৱসত অংশগ্ৰহণৰ পূৰ্বে নগাঁৱৰ এটা জন ঔষধী কেন্দ্ৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । নগাঁৱৰ চলচলিৰ হাফিজুৰ ৰহমান নামৰ ব্যক্তিজনৰ জন ঔষধী কেন্দ্ৰত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ জন ঔষধী কেন্দ্ৰটো (Jan Aushadhi Centre in Nagaon) পৰিদৰ্শন কৰি 22 টকাৰ ঔষধো ক্ৰয় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰটোত উপস্থিত হৈ তাত উপস্থিত ৰাইজৰ লগতো মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ লগতে কেন্দ্ৰীয় চৰকাৰে জন ঔষধী কেন্দ্ৰত সুলভ মূল্যত যোগান ধৰা ঔষধ ক্ৰয় কৰিবলৈ সকলোকে আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে, যোৱা 7 মাৰ্চ অৰ্থাৎ মঙলবাৰে সমগ্ৰ দেশৰ লগতে অসমৰ নগাঁৱতো(Jan Aushadhi Diwas celebrated in Nagaon) পালন কৰা হৈছিল পঞ্চম “জন ঔষধি দিৱস ২০২৩” ৷ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই অনুষ্ঠানতে নগাঁৱৰ চলচলিৰ ঔষধী কেন্দ্ৰৰ পৰিচালক হাফিজুৰ ৰহমানক সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানটোত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও লোকসভা সমষ্টিৰ প্রাক্তন সাংসদ ৰাজেন গোহাঁইৰ লগতে শিশু সাহিত্য ন্যাস অসমৰ সম্পাদক হৃষিকেশ গোস্বামীও উপস্থিত থাকে ৷ লগতে নগাঁও জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, অসম চৰকাৰৰ স্বাস্থ্য সেৱাৰ সঞ্চালক শ্ৰীযুত নীলমাধৱ দাস আৰু অন্যান্য বিভাগীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷

প্ৰতি বছৰে ৭ মাৰ্চৰ দিনটোত দেশত পালন কৰা হয় 'জন ঔষধি দিৱস' ৷ মূলত দেশৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সূলভ মূল্যত ঔষধ উপলব্ধ কৰাব পৰাটোয়েই হৈছে আঁচনিখনৰ লক্ষ্য ৷ 2008 চনৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ কৰা হৈছিল 'প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি পৰিযোজনা' ৷ এই আঁচনিৰ তালিকাত 1,759 বিধ ঔষধ আৰু 280 টা অস্ত্ৰোপচাৰ সঁজুলি সন্নিৱিষ্ট কৰা হৈছে ৷

লগতে পঢ়ক: Suspected jihadists arrested in Nagaon:পাকিস্তানৰ চোৰাংচোৱাক চিম কাৰ্ড যোগান, নগাঁৱত সন্দেহজনক 5 জেহাদী আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.