ETV Bharat / state

হাতে হাতে ধনু-কাঁড় লৈ চাওঁতাল ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Jun 13, 2022, 10:00 PM IST

সোমবাৰে নগাঁও জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত চাওঁতাল ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ । জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদ(Santal Students Union protest in Nagaon) । প্ৰতিবাদৰ অন্তত সমস্যাসমূহ সমাধানৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ সংগঠনটোৰ ৷

Santal Students Union protest in Nagaon
উত্তপ্ত নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়: হাতে হাতে ধনু-কাঁড় লৈ ASSU ৰ প্ৰতিবাদ

নগাঁও,১৩ জুন: হাতে হাতে ধনু কাঁড়, জোং আদি অস্ত্ৰ শস্ত্ৰ । লগত আছে ঢোলসহ বিভিন্ন বাদ্য যন্ত্ৰ । সোমবাৰে এইদৰে চাওঁতাল জনগোষ্ঠীটোক বছৰ বছৰ ধৰি বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে চাওঁতাল ছাত্ৰ সন্থাই (Santal Students Union protest in Nagaon) ।

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰে চাহ জনজাতিক জাতিগত প্ৰমাণ দিয়াৰ বাবে কৰা ঘোষণাক ধিক্কাৰ জনাই চাওঁতাল জনগোষ্ঠীক বনিয়াৰ হাতত প্ৰদান কৰাৰ ব্যৱস্থা বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনায় সংগঠনটোৱে ৷ লগতে স্বাধীনতাৰ পিছৰ পৰাই চাওঁতাল জনগোষ্ঠীৰ লোকসকল কেৱল শোষণ আৰু বঞ্চনাৰ সন্মুখীন হৈ অহা বুলি অভিযোগ উত্থাপন কৰি সংগঠনটোৱে চাওঁতাল সকলক অতি শীগ্ৰেই জনজাতিকৰণ কৰিবলৈ দাবী জনায় ।

ইয়াৰ লগতে অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীক চৰকাৰে প্ৰতাৰণা কৰিলে চাওঁতাল জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীৰ লোকসকলো চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব বুলিও হুংকাৰ দিয়ে চাওঁতাল ছাত্ৰ সন্থাই ৷ প্ৰতিবাদৰ অন্তত চাওঁতাল জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে (Memorandum sent to Assam CM) সংগঠনটোৱে ।

লগতে পঢ়ক: মনজিৎ মহন্তক 15 দিনৰ সময়সীমা বিশেষাধিকাৰ সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.