ETV Bharat / state

Khel Maharan in Nagaon: নগাঁওবাসীয়ে অতিশীঘ্ৰে লাভ কৰিব আৰু এখন ষ্টেডিয়াম: ৰূপক শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 8:04 PM IST

হিমা দাসৰ দৰে খেলুৱৈ সৃষ্টিৰ লক্ষ্য নগাঁও ক্ৰীড়া সন্থাৰ । নগাঁও ক্ৰীড়া সন্থাৰ অধীনত হ'ব আৰু এখন ষ্টেডিয়াম । নগাঁৱত সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ শুভ উদ্বোধন কৰি এই মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ ।

Rupak Sarmah inaugurates Khel Maharan in Nagaon
নগাঁৱত সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ শুভাৰম্ভণি

নগাঁও,১৫ ডিচেম্বৰ: "নগাঁৱত এতিয়া খেলুৱৈৰ সংখ্যা বৃদ্ধি পাইছে । নগাঁৱৰ পৰাই উলিয়াব লাগিব হিমা দাসৰ দৰে আৰু খেলুৱৈ । খেলুৱৈৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত নগাঁৱতেই নিৰ্মাণ হ'ব আৰু এখন ষ্টেডিয়াম ।"- শুকুৰবাৰে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত খেল মহাৰণৰ উদ্ধোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য আগবঢ়াই স্থানীয় বিধায়ক তথা নগাঁও ক্ৰীড়া সন্থাৰ সভাপতি ৰূপক শৰ্মাই ।

অসমৰ ইতিহাসৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা 'খেল মহাৰণ-২০২৩'ৰ নগাঁও সদৰ বিধানসভা সমষ্টিৰ সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাখন শুকুৰবাৰৰ পৰা নগাঁও ক্ৰীড়া সন্থাৰ নুৰুল আমিন ষ্টেডিয়াম খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় । এই প্ৰতিযোগিতাখনৰ শুভ উদ্ধোধন কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই তেওঁৰ ভাষণত কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ একক চিন্তা আৰু অসম চৰকাৰৰ প্ৰচেষ্টাত অসমৰ চুকে-কোনে থকা সুপ্ত ক্ৰীড়া প্ৰতিভাসমূহ উলিয়াই আনি এখন বৃহৎ মঞ্চ প্ৰদান কৰাৰ এক অভিনৱ প্রয়াস হৈছে এই খেল মহাৰণ ।

তেওঁ লগতে নগাঁও জিলাখনৰ ক্ৰীড়াৰ ক্ষেত্ৰখনৰ বিকাশৰ বাবে বৰ্তমানৰ চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন প্ৰকল্প যেনে, নগাঁও ইনড'ৰ ষ্টেডিয়ামৰ নৱীকৰণ, আন্তৰ্জাতিক পৰ্যায়ৰ এটা চুইমিং পুল আৰু এখন অত্যাধুনিক সা-সুবিধা সম্পন্ন খেলপথাৰ নিৰ্মাণৰ কথা উল্লেখ কৰে । এই খেল মহাৰণৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে তেওঁৰ ভাষণত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক শুভেচ্ছা জ্ঞাপন কৰে ।

উল্লেখযোগ্য যে, এই নগাঁও সদৰ বিধানসভা সমষ্টিৰ সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাখনত বিধানসভা সমষ্টিটোৰ অন্তৰ্গত ১৪ খন গাঁও পঞ্চায়ত আৰু নগাঁও নগৰীয়া স্থানীয় নিকায়ক সাঙুৰি প্ৰায় ২০০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । খেল মহাৰণৰ এই উদ্বোধনী অনুষ্ঠানত নগাঁও পৌৰ সভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, পৌৰ সভাৰ উপ পৌৰপতি সীমান্ত বৰা, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈ, খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, পাখিমৰিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াকে প্ৰমুখ্য কৰি নগাঁও ক্ৰীড়া সন্থাৰ বিষয়া আৰু সদস্য সকল প্ৰতিযোগীসকল আৰু তেওঁলোকৰ অভিভাৱক তথা ক্ৰীড়াপ্ৰেমী দৰ্শক উপস্থিত থাকে ।

লগতে পঢ়ক: জোনাই বিধানসভা সমষ্টি ভিত্তিক খেল মহাৰণৰ সামৰণি অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.