ETV Bharat / state

দলবদ্ধ ধৰ্ষণৰ বলি ৰূপহীহাটৰ কিশোৰী

author img

By

Published : Feb 21, 2021, 5:41 PM IST

শনিবাৰে সন্ধিয়া ৰূপহীহাটৰ তেলিয়াচাপৰিত দলবদ্ধ ধৰ্ষণৰ বলি হয় এগৰাকী কিশোৰী ৷ তেলিয়াচাপৰিৰ পৰা তিনি দুৰ্বৃত্ত‌ই কিশোৰী গৰাকীক অপহৰণ কৰি নি দলবদ্ধ ভাৱে ধৰ্ষণ কৰে ৷ জিউমাৰীৰ জংঘলৰ পৰা মূমূৰ্ষ অৱস্থাত কিশোৰী গৰাকীক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে ৷ কিশোৰী গৰাকীৰ ভাষ্যৰ ভিত্তিত ৰূপহী আৰক্ষীয়ে তিনি যুৱকক আটক কৰে ৷

দলবদ্ধ ধৰ্ষণৰ বলি ৰূপহীহাটৰ কিশোৰী
দলবদ্ধ ধৰ্ষণৰ বলি ৰূপহীহাটৰ কিশোৰী

ৰূপহীহাট, 21 ফেব্ৰুৱাৰী: নগাঁৱৰ ৰূপহীহাটত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ তিনি দুৰ্বৃত্তৰ ধৰ্ষণৰ বলি ৰূপহীহাটৰ এগৰাকী কিশোৰী ৷ ঘটনা অনুসৰি শনিবাৰে সন্ধিয়া ৰূপহীহাটৰ তেলিয়াচাপৰিৰ পৰা তিনি দুৰ্বৃত্ত‌ই অপহৰণ কৰিছিল কিশোৰী গৰাকীক। পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰি জিউমাৰীৰ এখন জংঘলৰ পৰা মূমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰিছিল কিশোৰী গৰাকীক। তাৰ পাচৰে পৰা অঞ্চলজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ৷

স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে কিশোৰী গৰাকীক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে ৷ কিশোৰী গৰাকীৰ ভাষ্যৰ ভিত্তিতে অঞ্চলটোৰ আবু বক্কৰ ছিদ্দিক নামৰ যুৱক জনক আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন যুৱকজনে খাইৰুল ইছলাম আৰু বাহাৰুল ইছলামৰ সৈতে মিলি কিশোৰী গৰাকীক ধৰ্ষণ কৰাৰ কথা স্বীকাৰ কৰে। ক্ষোভিত ৰাইজে যুৱক জনক উত্তম মধ্যম দি ৰূপহী আৰক্ষীৰ হাতত গতাই দিয়ে ৷

লগতে পঢ়ক: হোজাইত 8 বছৰীয়া কণমানিক ধৰ্ষণ কৰি হত্যা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.