চামগুৰি, 9 ফেব্ৰুৱাৰী : চামগুৰি বিধানসভা সমষ্টিৰ মহিলা কংগ্ৰেছৰ উদ্যোগত তেলিয়াগাঁও বালি খেল পথাৰত অনুষ্ঠিত হয় এক বিশাল মহিলা সমাৰোহ । মহিলা সমাৰোহত উপস্থিত থাকে চামগুৰি সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ৷ মহিলা সমাৰোহত চামগুৰি সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ প্ৰায় দুই সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰে ।
মহিলা সমাৰোহত বিগত পাঁচ বছৰে মহিলা সকলৰ মূল সমস্যা সমূহৰ ওপৰত আলোকপাত কৰা হয় । উল্লেখযোগ্য যে, মহিলাৰ সমস্যা সমূহ 830 টকাতে সীমাবদ্ধ নেকি ? লগতে চৰকাৰে 5 বছৰে মহিলাক কৰা প্ৰৱঞ্চনাৰ উচিত প্ৰত্যুত্তৰ বিচাৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰে ৰকিবুল হুছেইনে ।
আনহাতে, এক্সপ্ৰেছ হাইৱেৰ প্ৰসংগত নীতিন গাদকাৰীৰ সন্দৰ্ভত প্ৰকাশিত এক বাতৰিক লৈ সমালোচনা কৰে ৰকিবুল হুছেইনে । কংগ্ৰেছ চৰকাৰ আহিলে মহিলা সকলৰ বন্ধন বেংকৰ সকলো ঋণ ৰেহাই কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ লগতে, বিদ্যুতৰ মাচুল 120 ইউনিটলৈকে ৰেহাই দিব । কংগ্ৰেছ চৰকাৰ আহিলে 830 টকাৰ পৰিবৰ্তে ন্যায় আচঁনিৰ জৰিয়তে 7500 টকাকৈ দিব বুলি ভাষন প্ৰসংগত উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ।
লগতে পঢ়ক : পৰিত্যক্ত অৱস্থাত বাঘবৰৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়
ইফালে, সাংবাদিকৰ প্ৰশ্নোত্তৰত বদৰুদ্দিন আজমলৰ সভাত শংকৰদেৱ চাহাব জিন্দাবাদ প্ৰসংগত ৰকিবুল হুছেইনে উপযুক্ত মঞ্চত আলোচনা কৰি ভৱিষ্যতে যাতে এনে ধৰণৰ কথা বিয়পিব নোৱাৰে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে । আনহাতে, সোমবাৰে চামগুৰি সমষ্টিত অনুষ্ঠিত হোৱা এখন সভাত বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিজেপিৰ এইবাৰ নিৰ্বাচনত 100(+)ৰ কথা কৈ চামগুৰিও এইবাৰ বিজেপিৰ দখলত আহিব বুলি কোৱা কথাষাৰৰ প্ৰত্যুত্তৰত ৰকিবুল হুছেইনে ৰঞ্জিত দাসক সৰভোগ সমষ্টিৰ কথা ভাবিবলৈ কয় । সৰভোগ সমষ্টি কাৰ হাতত থাকিব প্ৰথমে সেইটো চিন্তা কৰক ৰঞ্জিত দাসে তাৰ পাছত চামগুৰিৰ কথা ভাবিব ।
লগতে, বঢ়মপুৰ সমষ্টিৰ ক্ষেত্ৰতো বিটিএডিত হাগ্ৰামা মহিলাৰীক বিজেপিয়ে এলাগী কৰাৰ দ্বৰে প্ৰফুল্ল কুমাৰ মহন্তকো আগন্তুক দিনত এলাগী কৰাৰ সম্ভাৱনা আছে বুলি আওপকীয়াকৈ সদৰি কৰে সংবাদ মাধ্যমৰ সন্মুখত । আনফালে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ কংগ্ৰেছৰ দিনত পুনৰ চৰকাৰৰ হাতলৈ অনাৰ আশ্বাস প্ৰদান কৰাৰ উপৰিও একালৰ সতীৰ্থ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই ৰকিবুল হুছেইনে ।
লগতে পঢ়ক : কিমিনত দুস্কৃতিকাৰীৰ গুলিত আহত অসমীয়া যুৱক