চামগুৰি,25 মাৰ্চ: ৰাজ্যৰ ৪৭ টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিমটো দিন ৷ সন্ধিয়া পাঁচ বজাৰ লগে লগে অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ ৷ আন আন সমষ্টিসমূহৰ দৰে দুটা দশক ধৰি চামগুৰিত অপ্ৰতিৰোধী হিচাপে বিধায়কৰ পদ অলংকৃত কৰা ৰকিবুল হুছেইনেও সমষ্টিত সামৰণি পেলাব নিৰ্বাচনী প্ৰচাৰৰ ৷ বৃহস্পতিবাৰে আমনিৰ আমলখিস্থিত এটি শিৱ মন্দিৰত ধূপ-দীপ জ্বলাই অন্তিম নিৰ্বাচনী প্ৰচাৰৰ বাবে বিশাল শোভাযাত্ৰা উলিয়ায় বিধায়কগৰাকীয়ে ৷
উল্লেখ্য যে, পত্নী-পুত্ৰ সহ প্ৰায় দহ সহস্ৰাধিক কৰ্মী-সমৰ্থকে সংগ দিয়া এই শোভাযাত্ৰাত ৰকিবুল হুছেইনে কয়, ১০০+ আসনেই নহয় হাগ্ৰামাৰ সহযোগত আৰু আসন বাঢ়িব মহাজোঁটৰ বুলি দাবী কৰে ৷ অপেনিয়ন প'লে যিয়ে নকওঁক কিয় ৰাইজে বিজেপিৰ বিৰুদ্ধে ৰায় দিব ৷ কেইখনমান স্থিৰচিত্ৰ দেখুৱাই ৰকিবুল হুছেইনৰ দাবী বদৰুদ্দিন আজমলৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰহে মিত্ৰতা অতি ঘনিষ্ঠ ৷
লগতে পঢ়ক: চন্দন ব্ৰহ্মই এইবাৰ নিৰ্বাচনত ২০-২৫ কোটি টকা খৰছ কৰিব:প্ৰমোদ বড়ো