চামগুৰি, 6 ডিচেম্বৰ: নগাঁৱৰ নাৰমাৰীত সেনাৰ পোছাক পিন্ধি ডকাইতি কাণ্ড সংঘটিত কৰিলে দুৰ্বৃত্তই ৷ শনিবাৰে সন্ধিয়া প্ৰায় 8 বজাত 7-8 জনীয়া সেনাৰ পোছাক পৰিহিত এটা অস্ত্ৰধাৰী দলে নাৰমাৰী গাঁৱৰ নজৰুল ইছলাম আৰু আলালউদ্দিনৰ ঘৰত প্ৰৱেশ কৰি নগদ ধন, অলংকাৰসহ প্ৰায় 7 লক্ষাধিক টকাৰ সম্পত্তি লুটি নিয়ে ৷
দুৰ্বৃত্তৰ দলটোৱে হাতত বন্দুক লৈ নিজকে ভাৰতীয় সেনা বুলি চিনাকি দি ঘৰত প্ৰৱেশ কৰিছিল বুলি জানিবলৈ দিয়ে ভুক্তভোগী পৰিয়ালৰ লোকে ৷ ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত অব্যাহত ৰাখিছে প্ৰাথমিক তদন্ত ৷
লগতে পঢ়ক: ধিঙত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ