নগাঁও,4 অক্টোবৰঃ নগাঁৱৰ কাষৰিগাঁৱত তীব্ৰ বেগী বাহনে মহতিয়ালে এজন লোকক ৷ জানিব পৰা মতে, ঘটনাস্থলীতে নিহত কাষৰিগাঁৱৰ ৰিংকু বৰা নামৰ এজন লোক । উল্লেখযোগ্য যে, লোকজন কৰ্মস্থলী পৰা ঘৰলৈ ওভটাৰ সময়তে তীব্ৰবেগী বাহনে মহটিয়াই নিয়ে । আনহাতে দুৰ্ঘটনা সংঘটিত কৰি পলাই যায় অচিনাক্ত বাহনখন । সম্প্ৰতি দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃনৱগঠিত আঞ্চলিক দলসমূহক চেমনীয়াৰ দল বুলিলে হিমন্ত বিশ্ব শৰ্মাই