ETV Bharat / state

ৰূপহীহাটৰ শালপাৰাত ভয়ংকৰ পথ দূৰ্ঘটনা, নিহত এজন - ৰূপহীহাটৰ শালপাৰাত ভয়ংকৰ পথ দূৰ্ঘটনা

শালপাৰা-লাওখোৱা পথত তীব্ৰবেগী বলেৰ' আৰু মটৰ চাইকেলৰ মাজত মুখামুখী সংঘৰ্ষ ৷ দূৰ্ঘটনাৰ ফলত থিতাতে নিহত এজন ৷

road accident at rupohihat, one died
ৰূপহীহাটৰ শালপাৰাত ভয়ংকৰ পথ দূৰ্ঘটনা, নিহত এজন
author img

By

Published : May 27, 2020, 11:07 AM IST

ৰূপহীহাট,27মেঃ নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত শালপাৰাত মঙলবাৰে বিয়লি ৪ বজাত এক শোকাবহ পথ দূঘটনা সংঘটিত হয় । শালপাৰা-লাওখোৱা পথত তীব্ৰবেগী বলেৰ' আৰু মটৰ চাইকেলৰ মাজত মুখামুখী সংঘৰ্ষ সংঘটিত হয় । প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা মতে, নিয়ন্ত্ৰণ হেৰুৱাই বলেৰ' বাহনখনে মটৰ চাইকেলখনত খুন্দা মৰাৰ ফলতে এই ঘটনা সংঘটিত হয় ৷ ইপিনে দূৰ্ঘটনাটোত থিতাতে নিহত হয় এজন আৰু গুৰুতৰভাবে আহত হয় আন এজন লোক ৷

গুৰুতৰভাৱে আহত বাইক আৰোহীজনক ততাতৈয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ দূৰ্ঘটনাগ্ৰস্ত বলেৰ' খনৰ নম্বৰ এছ-১২ বিচি-০৩১২ আৰু মটৰ চাইকেলখনৰ নম্বৰ এএছ-১২ইউ-৭১৪৭ । আনহাতে দূৰ্ঘটনা সংঘটিত কৰি চাৰিচকীয়া বাহনখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ ঘটনাস্থলীত ৰূপহীহাট আৰু আমবাগান আৰক্ষী উপস্থিত হৈ নিহত লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়কঃ ৩.৪০ মেট্ৰিক টন পাট সূতা উৎপাদনেৰে দৰঙৰ পলু পালকসকলৰ অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.