ETV Bharat / state

উন্মুক্ত মথাউৰিক লৈ শংকিত ৰহাৰ ৰাইজ

author img

By

Published : Jun 30, 2019, 2:49 PM IST

আজি পৰ্যন্ত মেৰামতি নহ'ল বহু মথাউৰি । উন্মুক্ত মথাউৰিক লৈ এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । জনপ্ৰতিনিধিৰ বিৰুদ্ধে সোচ্চাৰ স্থানীয় ৰাইজ ।

উন্মুক্ত মথাউৰিক লৈ শংকিত ৰহাৰ ৰাইজ

বঢ়মপুৰ, 30 জুন : বাৰিষা আহিল কিন্তু আজি পৰ্যন্ত মেৰামতি নহ'ল বহু মথাউৰি । উন্মুক্ত মথাউৰিক লৈ এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । নগাঁও জিলাৰ বৰপানী নৈয়ে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন এলেকাত খহনীয়া সৃষ্টি কৰি তীব্ৰ সংকট নমাই আনিছে যদিও বৰ্তমানেও খহনীয়া প্ৰতিৰোধৰ নামত কোনো ব্যৱস্থা নোলোৱাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে স্থানীয় ৰাইজ । নগাঁৱৰ ৰহা সমষ্টিৰ গৰুবাট মৌজাৰ মাধৱপাৰাৰ পৰা জুৰিপাৰ পথৰ ভিন্ন ঠাইত বহুদিন ধৰি খহনীয়াই তীব্ৰ ৰূপ লৈ আহিছে যদিও কাণষাৰ নাই চৰকাৰ তথা স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসৰ ৷

উন্মুক্ত মথাউৰিক লৈ শংকিত ৰহাৰ ৰাইজ
উল্লেখ্য যে, এই পথচোৱাত ঐতিহাসিক মাধৱ থানৰ উপৰি বিশ খনৰো অধিক গাঁৱৰ লোকে যাতায়ত কৰে এই পথৰে । দুটা বছৰ পূৰ্বে বিধায়ক ডিম্বেশ্বৰ দাসে জলসম্পদ বিভাগৰ বিষয়াক লৈ গৰখহনীয়া এলেকা পৰিদৰ্শন কৰিছিল যদিও প্ৰতিৰোধৰ নামত কেইডালমান বাঁহ পুতিয়েই দায়িত্ব সামৰিছিল বিধায়কগৰাকীয়ে ।

Intro: বৰপানী নৈ গৰাখহনীয়া প্ৰতিৰোধত হেমাহী ।বিধায়ক ডিম্বেশ্বৰ দাসৰ বিৰুদ্ধে সোচ্চাৰ স্থানীয় ৰাইজ ।টকা ধৰা হল কাম হে নহল ।

Anchor=বাৰিষা আহিল কিন্তু মেৰামতি নহল বহু মাথাউৰী ।উন্মুক্ত মাথাউৰীক লৈ এতিয়া সংকিত নৈপৰীয়া ৰাইজ ।নগাঁও জিলাৰ বৰপানী নৈয়ে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন এলেকাত খহনীয়া সৃষ্টি কৰি তীব্ৰ সংকট নমাই আনিছে যদিও বৰ্তমানেও খহনীয়া প্ৰতিৰোধৰ নামত কোনো ব্যৱস্থা নোলোৱাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে স্থানীয় ৰাইজ ।

Body:V/o=চৰকাৰৰ পৰিৰ্বতনৰ নমুনা ।বাৰিষা আহিল , বানো আহিব ।কিন্তু মেৰামতি নহ'ল উন্মুক্ত মাথাউৰীৰ ।নগাঁও জিলাৰ ৰহা সমষ্টিৰ গৰুবাট মৌজাৰ মাধৱপাৰা পৰা জুৰিপাৰ পথত বিভিন্ন ঠাইত বহুদিন ধৰি খহনীয়াই পথটো তীব্ৰ ৰূপ লৈ আহিছে যদিও কাণষাৰ দিয়া নাই চৰকাৰ তথা স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসে ।উল্লেখ্য যে এই পথটোতে আছে ঐতিহাসিক মাধৱ থান ।তাৰোপৰি বিশ খনৰো অধিক গাৱৰ লোকে যাতায়ত কৰে এই পথৰে ।দুটা বছৰৰ আগতে বিধায়ক ডিম্বেশ্বৰ দাসে জলসম্পদ বিভাগৰ বিষয়াক লৈ গৰখহনীয়া এলেকা পৰিদৰ্শন কৰিছিল আৰু বান প্ৰতিৰোধৰ নামত কেইদাল মান বাঁহ পুতিয়েই দ্বায়িত্ব সামৰিছিল ।ইপিনে একাংশ বিজেপি কৰ্মীয়ে খহনীয়া প্ৰতিৰোধৰ বাবে টকা ধৰা হৈছে বুলি ভুৱা প্ৰচাৰ চলোৱাত ক্ষুন্ন হৈ পৰে স্থানীয় ৰাইজ ।

Conclusion:Byte=স্থানীয় ৰাইজ ,বি জে পি কৰ্মী

V/o=উল্লেখ্য যে স্থানীয় ৰাইজে খহনীয়া প্ৰতিৰোধৰ বাবে অনতি পলমে ব্যৱস্থা লৈ সমগ্ৰ অঞ্চলটো সংকত মুক্ত কৰাৰ বাবে চৰকাৰক দাবী জনাইছে ।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.