ETV Bharat / state

লোক সংস্কৃতি সংৰক্ষণ আৰু প্ৰচাৰৰ দায়িত্ব বহন উত্তৰ পূব লোক সংস্কৃতি গৱেষণা কেন্দ্ৰৰ

কেৱল এয়াই নহয় গৱেষণা কেন্দ্ৰটোৱে প্ৰথমেই টাইফাকে আৰু চিংফৌৰ সমাজ আৰু সংস্কৃতিৰ ওপৰত লিখি উলিয়াইছে টাইফাকে আৰু চিংফৌ নামেৰে দুখন গ্ৰন্থ। পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন লোকসংস্কৃতিৰ ওপৰত প্ৰকাশ কৰি উলিয়াইছে লোকসংস্কৃতি আলোচনী । লগতে ২০১৭ চনত লোকসংস্কৃতি নামৰ দ্বিভাষিক বছেৰেকীয়া পত্ৰিকা এখনো প্ৰকাশ কৰে । গৱেষণামূলক প্ৰবন্ধৰে সমৃদ্ধ বছেৰেকীয়া আলোচনীখনৰ সম্পাদনা কৰিছিল মুৰুলিধৰ দাস আৰু হেমন্ত শইকীয়াই। অসমৰ লোকসংস্কৃতিৰ ওপৰত এইখনেই প্ৰথম গৱেষণামূলক প্ৰবন্ধ বুলি দাবী কৰে সম্পাদকে ।

Northeast folk culture
লোক সংস্কৃতি সংৰক্ষণ
author img

By

Published : Aug 8, 2020, 12:26 AM IST

নগাঁও, 7 আগষ্টঃ কোনো এটা জাতিৰ বৈশিষ্টসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম, শিক্ষা, কলা আদিৰ সমাৱেশক সংস্কৃতি বা কৃষ্টি বুলিব পাৰি । বিভিন্ন ভাষা-ভাষী, জাতি-জনজাতিৰে গঠিত উত্তৰ পূব ভাৰতৰ সংস্কৃতিৰ পৰিসৰ অতি বিশাল । নিজাববীয়াকৈ এই বিশাল লোক-সংস্কৃতিৰ সমলসমূহ সংৰক্ষণ আৰু প্ৰচাৰৰ দায়িত্ব বহন কৰি আহিছে উত্তৰ পূব লোক সংস্কৃতি গৱেষণা কেন্দ্ৰই ৷ যিসময়ত ৰাজ্য চৰকাৰৰ বিয়াগোম সাংস্কৃতিক বিভাগে লোক সংস্কৃতি সংৰক্ষণৰ ক্ষেত্ৰত ভিন্ন পদক্ষেপ তথা আঁচনি গ্ৰহণ কৰা বুলি দাবী কৰি আহিছে সেই সময়তে উত্তৰ পূব লোক সংস্কৃতি গৱেষণা কেন্দ্ৰই হাতে-কামে লাগি ইয়াৰ নিদৰ্শন দাঙি ধৰিছে ৷

উত্তৰ পূব ভাৰতৰ লোক সংস্কৃতিৰ সমল সংৰক্ষণৰ বাবে ২০০৯ চনতে গঠন হৈছিল লোক সংস্কৃতি গৱেষণা কেন্দ্ৰ । লোক সংস্কৃতিৰ গৱেষক হেমন্ত শইকীয়া আৰু বিৰিঞ্চি গোহাঁই নামৰ দুজন লোকে আৰম্ভ কৰা লোক সংস্কৃতি গৱেষণা কেন্দ্ৰই আৰম্ভণিৰ পৰাই ভাৰতবর্ষৰ লগতে বিশ্বৰ আন আন লোকসংস্কৃতিৰ সংগঠনসমূহৰ সহযোগত উত্তৰ পূব ভাৰতৰ বিভিন্ন লোকসংস্কৃতিৰ সমলসমূহ সংৰক্ষণ আৰু প্ৰসাৰৰ কামত নিয়োজিত হৈ আহিছে । বিভিন্ন জনজাতীয় লোকৰ বাদ্য যন্ত্ৰ , বস্ত্ৰ , জনজাতীয় লোকে ব্যৱহাৰ কৰা সামগ্ৰী আদি সংৰক্ষণ কৰাৰ উপৰিও বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত প্ৰদৰ্শনৰ ব্যৱস্থা কৰি আহিছে দুই গৱেষকে ৷ গৱেষক দুগৰাকীৰ প্ৰচেষ্টাত কিছুদিন পূৰ্বে দিল্লীত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলতো প্ৰদৰ্শন কৰা হৈছিল উত্তৰ পূবৰ বাদ্য যন্ত্ৰ আৰু সামগ্ৰী । উদ্দেশ্য এটাই প্ৰজন্ম প্ৰজন্মৰ বাবে পৰিচিত হৈ ৰওঁক এই সমলসমূহ ৷

লোক সংস্কৃতি সংৰক্ষণ

লগতে পঢ়কঃ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সাজু আম আদমী পাৰ্টী

কেৱল এয়াই নহয় গৱেষণা কেন্দ্ৰটোৱে প্ৰথমেই টাইফাকে আৰু চিংফৌৰ সমাজ আৰু সংস্কৃতিৰ ওপৰত লিখি উলিয়াইছে টাইফাকে আৰু চিংফৌ নামেৰে দুখন গ্ৰন্থ। পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন লোকসংস্কৃতিৰ ওপৰত প্ৰকাশ কৰি উলিয়াইছে লোকসংস্কৃতি আলোচনী । লগতে ২০১৭ চনত লোকসংস্কৃতি নামৰ দ্বিভাষিক বছেৰেকীয়া পত্ৰিকা এখনো প্ৰকাশ কৰে । গৱেষণামূলক প্ৰবন্ধৰে সমৃদ্ধ বছেৰেকীয়া আলোচনীখনৰ সম্পাদনা কৰিছিল মুৰুলীধৰ দাস আৰু হেমন্ত শইকীয়াই। অসমৰ লোকসংস্কৃতিৰ ওপৰত এইখনেই প্ৰথম গৱেষণামূলক প্ৰবন্ধ বুলি দাবী কৰে সম্পাদকে ।

টাইফাকে, টাংছা, দেউৰী, হাজং, বড়ো, মিছিং, চিংফৌ, ডিমাচা, তিৱা, ৰাভা, জেমি, নগা আদি জনগোষ্ঠীসমূহৰ বয়ন শিল্পৰ ওপৰত নিৰ্দিষ্ট জনগোষ্ঠীসমূহৰ গৱেষকসকলে লিখা নিবন্ধ ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে প্ৰকাশ কৰিছে লোকসংস্কৃতি গৱেষণা কেন্দ্ৰই । ইয়াৰোপৰি জনগোষ্ঠীয় লোকৰ তাঁতশাল, অসমৰ ভিন ভিন জনগোষ্ঠীৰ মাজত প্ৰচলিত হৈ থকা মন্ত্ৰৰ ওপৰতো আলোচনী প্ৰকাশ কৰি উলিয়াইছে গৱেষণা কেন্দ্ৰটোৱে। ইমানেই নহয় লোকসংস্কৃতিৰ গ্ৰন্থ সমূহ এতিয়া ডিজিটেল পদ্ধতিত সংৰক্ষণৰো পৰিকল্পনা কৰিছে গৱেষণা কেন্দ্ৰটোৱে। লোক সংস্কৃতিৰে চহকী উত্তৰ-পূব, কিন্তু সংৰক্ষণৰ অভাৱত সংস্কৃতিলৈ যাতে সংকট নামি নাহে সেয়ে লোক-সংস্কৃতিৰ সমলসমূহ সংৰক্ষণৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি গৈছে উত্তৰ পূব লোক সংস্কৃতি গৱেষণা কেন্দ্ৰই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.