ETV Bharat / state

বন্ধুৰ সৈতে মিলি প্ৰেমিকাক ধৰ্ষণৰ অভিযোগ

author img

By

Published : Jul 29, 2021, 4:25 PM IST

Updated : Jul 31, 2021, 2:53 PM IST

প্ৰেমিকৰ কামনাৰ বলি হ’ল প্ৰেমিকা ৷ প্ৰথম সাক্ষাততে ধৰ্ষণৰ বলি হ’ল দলগাঁও বামুণভেটি গাঁৱৰ পিতৃহাৰা ২০ বছৰীয়া এগৰাকী যুৱতী ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে প্ৰেমিকসহ আন তিনি যুৱকক ৷

Rape case at Kaliabor
প্ৰেম চলেৰে যুৱতীক ধৰ্ষণ প্ৰেমিকৰ

কলিয়াবৰ, 29 জুলাই : কলিয়াবৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ অৱশেষত আৰক্ষীৰ জালত পৰিল ধৰ্ষণকাৰী প্ৰেমিক ৷ বুধবাৰে কলিয়াবৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ধৰ্ষণকাৰী প্ৰেমিকসহ তিনি যুৱকক ৷

প্ৰাপ্ত তথ্য অনুসৰি, কলিয়াবৰ মহকুমাৰ চুলুং আৰক্ষী চকীৰ অন্তৰ্গত চাৰি নং বৰঘূলীত মঙলবাৰে নিশা এগৰাকী যুৱতীক ধৰ্ষণ কৰিছিল প্ৰেমিকে ৷ অভিযুক্ত প্ৰেমিকজনৰ নাম ইক্ৰামূল হক (২২) ৷ ইক্ৰামূলক সহায় কৰিছিল তেওঁৰ আন তিনি সতীৰ্থই ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

ঘটনাৰ বিবৰণী অনুসৰি, ছমাহ পূৰ্বে কলিয়াবৰ থানাৰ অন্তৰ্গত দলগাঁও বামুণভেটি গাঁৱৰ পিতৃহাৰা ২০ বছৰীয়া যুৱতীগৰাকীৰ সৈতে ম’বাইলত চিনা-পৰিচয় হয় ৩ নং বৰঘূলিৰ ইক্ৰামূল হকৰ ৷

প্ৰেম চলেৰে যুৱতীক ধৰ্ষণ প্ৰেমিকৰ

কিন্তু ইমানদিনে দেখা-সাক্ষাৎ হোৱা নাছিল প্ৰেমিক-প্ৰেমিকাৰ ৷ মঙলবাৰে নিশা প্ৰথমবাৰৰ বাবে সাক্ষাৎ কৰিবলৈ যুৱতীগৰাকীক প্ৰেমিক ইক্ৰামূলে মাতি পঠিয়ায় ৷ যুৱতীগৰাকী প্ৰেমিকৰ আহ্বানমৰ্মে অহাৰ পিছতে ইক্ৰামূলে তিনিজন সহযোগীৰ দ্বাৰা এখন টেম্প’ৰে প্ৰেমিকাগৰাকীক ৩ নং বৰঘূলিস্থিত আত্মীয়ৰ ঘৰলৈ নিয়ে ৷

লগতে পঢ়ক: মণিকূটৰ ভিতৰত নামঘৰীয়াৰ কামনাৰ বলি কিশোৰী

আত্মীয়ৰ ঘৰত বহু সময় ধৰি কথোপকথন কৰে দুয়ো প্ৰেমিক-প্ৰেমিকাই ৷ নিশা প্ৰায় ১১.৩০ বজাত বাৰীৰ পিছফাললৈ নি পথাৰৰ মাজত যুৱতীগৰাকীক তিনি বন্ধুৰ সহযোগত ইক্ৰামূলে শাৰীৰিক আতিশয্য চলায় ৷ পৰৱৰ্তী সময়ত যুৱতীগৰাকীক পথাৰৰ মাজত পেলাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ইক্ৰামূলসহ তিনি সহযোগী ৷

উক্ত ঘটনাৰ বহু সময়ৰ পিছত যুৱতীগৰাকীৰ চিঞৰ-বাখৰ শুনি ঘটনাস্থলীত উপস্থিত হয় অঞ্চলটোৰ ৰাইজ ৷ খবৰ দিয়া হয় আৰক্ষীক ৷ ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে যুৱতীগৰাকীক ৷

ভুক্তভোগী যুৱতীগৰাকীয়ে এই ঘটনা সন্দৰ্ভত কলিয়াবৰ থানাত দাখিল কৰে এক এজাহাৰ । পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত ৷ প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে ঘটনাত জড়িত থকাৰ অভিযোগত আটক কৰে প্ৰেমিক ইক্ৰামূল হকসহ তিনি সহযোগী ক্ৰমে মাইনুল হক, ইজাজুল ইছলাম আৰু সুৰজ আলীক ৷

লগতে পঢ়ক: কোকৰাঝাৰত ৬৫ বছৰীয়া লোকৰ কামনাৰ বলি মুকবধিৰ কিশোৰী

Last Updated : Jul 31, 2021, 2:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.