নগাঁও,২ জুন : এফালে গড়মূৰ আৰক্ষী থানাত উপস্থিত হৈছে বিতৰ্কিত এছ আই জোনমণি ৰাভা (SI Jonmoni Rabha at Garmur police station)। আনফালে নগাঁও আদালতত হাজিৰ জোনমণি ৰাভাৰ প্ৰাক্তন প্ৰেমিক তথা প্ৰৱঞ্চক ৰাণা পগাগ । মাজুলী জিলা কাৰাগাৰৰ পৰা বুধবাৰে নগাঁও আৰক্ষীয়ে লৈ আহে ৰাণা পগাগক ।
জানিব পৰা মতে বৃহস্পতিবাৰে মাজুলী আৰক্ষীয়ে এছ আই জোনমণি ৰাভাক সোধা-পোছা অব্যাহত ৰাখিছে । ১৪ দিনৰ ন্যায়িক জিম্মাৰ অন্তত বৃহস্পতিবাৰে নগাঁও আদালতত ৰাণা পগাগক হাজিৰ কৰোৱা হয় (Rana Pogag appeared before Nagaon court)। ৰাণা পগাগক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে প্ৰৱঞ্চনাৰ গোচৰৰ অভিযুক্ত ৰাণা পগাগ (Rana Pogag fraud case)। প্ৰৱঞ্চনাৰ অভিযোগ পোৱাৰ পাছতে এছ আই জোনমণি ৰাভাই প্ৰেমিক পগাগৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । ইয়াৰ পাছতে সমগ্ৰ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছিল ।
কিন্তু লক্ষণীয়ভাৱে এই প্ৰৱঞ্চনাত এছ আই জোনমণি ৰাভাৰো নাম সাঙোৰ খাইছিল (Allegation against SI Joonmoni Rabha)। ইজনৰ পাছত সিজন ভুক্তভোগীয়ে ৰাণা পগাগৰ লগতে জোনমণি ৰাভাৰ নামো প্ৰকাশ কৰিছিল । ভুক্তভোগীসকলে দাবী কৰা মতে ৰাণা পগাগৰ সৈতে এই প্ৰৱঞ্চনাত জোনমনি ৰাভাও জড়িত আছিল । যাৰ বাবে মাজুলীৰ গড়মূৰ আৰক্ষীয়ে তলব কৰিছে আৰক্ষী বিষয়াগৰাকীক ।
ইফালে গড়মূল আৰক্ষীয়ে ৰাণা পগাগ আৰু জোনমণি ৰাভাৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰিছে (FIR against SI Jonmoni Rabha)। অৱশ্যে জোনমণি ৰাভা এই প্ৰৱঞ্চনাৰ সৈতে জড়িত হয় নে নহয় তাক লৈ এতিয়াও ৰহস্য অব্যাহত আছে । জোনমণি ৰাভাই অস্বীকাৰ কৰিলেও তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
জানিব পৰা মতে জোনমণি ৰাভা মাজুলীত কৰ্মৰত অৱস্থাত ৰাণা পগাগে নিজকে অ'এনজিচিৰ বিষয়া বুলি পৰিচয় দি বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰিছিল । ONGCৰ অধীনত ঠিকা দিয়াৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ৰানা পগাগৰ বিৰুদ্ধে । যাৰ বাবে ভুক্তভোগীসকলে মাজুলী আৰু নগাঁৱত গোচৰ ৰুজু কৰে । অৱশ্যে আৰক্ষীৰ সঠিক তদন্তই হে পোহৰলৈ আনিব প্ৰকৃততে ৰাণা পগাগৰ এই প্ৰৱঞ্চনাত জোনমণি ৰাভাৰ হাত আছে নে নাই ?
লগতে পঢ়ক :পুৱাই মাজুলীত উপস্থিত SI জোনমণি ৰাভা