চামগুৰি,8 ডিচেম্বৰঃ সংশোধিত কৃষি বিধেয়ক 2020 বাতিলৰ দাবীত তথা ৰাজধানী দিল্লীৰ সীমান্তত চলি থকা কৃষক প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই মঙলবাৰে ভাৰত বন্ধৰ আহ্বান কৰে বিভিন্ন কৃষক সংগঠনসমূহে ৷ দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰলাকৈ অসমতো দল-সংগঠনসমূহে এই বন্ধৰ সমৰ্থন ওলাই অহা পৰিলক্ষিত হয় ৷ চামগুৰিৰ তেলিয়া-হয়বৰগাঁৱৰ পথাৰত একাংশ কৃষকৰ সৈতে এই আইনখনৰ তীব্ৰ বিৰোধীতা কৰে প্ৰাক্তন মন্ত্ৰী তথা সমষ্টিটোৰ বিধায়ক ৰকিবুল হুছেইনে ৷
বাজিয়াগাঁও মণ্ডল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰে ৷ আনহাতে, প্ৰতিবাদৰ অন্তত ৰকিবুল হুছেইনে পথাৰৰ আলিত একাংশ কৃষক-দাৱনীৰ সৈতে জলপান গ্ৰহণ কৰাৰ উপৰিও কৃষক ৰাইজে সম্প্ৰতি ভোগ কৰিব লগীয়া হোৱা সমস্যা সমুহৰ সন্দৰ্ভত আলোচনা কৰে ৷
লগতে পঢ়ক-ৰাজ্যত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ