ETV Bharat / state

Rakibul Hussain As Actor: ৰাজনীতি এৰি হাতত ছুৰী লৈ অভিনেতাৰ ৰূপত ৰকিবুল হুছেইন

author img

By

Published : Feb 8, 2023, 7:51 PM IST

ক্ষমতা হেৰুওৱাৰ পিছত নিশ্চিতভাৱেই ব্যস্ততাও নোহোৱা হয় ৰাজনৈতিক নেতাৰ । দীর্ঘসময় ক্ষমতাত থকাৰ পিছত ক্ষমতা নোহোৱা হ'লে বিভিন্ন প্ৰকাৰে নিজকে ব্যস্ত কৰি ৰখাৰ প্ৰয়াস কৰে বহুতেই। ক্ষমতাহীন ৰাজনীতিয়ে এতিয়া আমুৱাইছে নেকি প্ৰাক্তন প্ৰতাপী মন্ত্ৰীগৰাকীক ? কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ক্ষেত্ৰত এনে একাধিক প্ৰশ্ন উত্থাপন হোৱাৰ কাৰণ কি ? জানিবলৈ চাওক আমাৰ এক বিশেষ প্ৰতিবেদন (Rakibul Hussain acting in a Drama in Nagaon)।

Rakibul Hussain acting in a Drama in Nagaon
ৰাজনীতি এৰি হাতত ছুৰী লৈ অভিনেতাৰ ৰূপত ৰকিবুল হুছেইন

নগাঁও, 8 জানুৱাৰী: ক্ষমতা হেৰোৱাৰ পিচতে কংগ্ৰেছত ইজনৰ পিচত সিজনকৈ প্ৰাক্তন মন্ত্ৰী-বিধায়কে নিজৰ সুপ্ত প্ৰতিভা জাগ্ৰত কৰা পৰিলক্ষিত হৈ আহিছে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কাব্যচৰ্চাৰ পিচতেই এইবাৰ কংগ্ৰেছত অন্য এজন প্ৰাক্তন মন্ত্ৰীৰ সুপ্ত প্ৰতিভা বাহিৰলৈ আহিছে ৷ এইবাৰ ৰাজনীতি এৰি অভিনয় কৰাৰ মনস্থ কৰিছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে (Rakibul Hussain As Actor) ৷

২০০১ চনৰ পৰাই একেৰাহে তিনিবাৰকৈ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰিত্বৰ আসন দখল কৰি নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা কংগ্ৰেছ নেতা ৰকিবুল হুছেইন । প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ মন্ত্ৰীসভাৰ অতি প্ৰভাৱশালী দুগৰাকী মন্ত্ৰীৰ এগৰাকী আছিল নগাঁৱৰ চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন । আনগৰাকী আছিল সেই সময়ৰ ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ বন্ধু ড৹ হিমন্ত বিশ্ব শৰ্মা । কিন্তু আজি ৰাজ্যৰ ক্ষমতাৰ বাঘজৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হাতত । মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীৰ আসনত ড৹ হিমন্ত বিশ্ব শৰ্মা । আনফালে ২০১৬ চনৰ পৰাই ক্ষমতাহীন প্ৰাক্তন প্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইন ৷

মন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী হৈ ব্যস্ততাৰ অন্ত নোহোৱা হৈছে ৰকিবুল হুছেইনৰ সেই সময়ৰ ঘনিষ্ঠ বন্ধু ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । আনহাতে ক্ষমতা হেৰুওৱাৰ পিছত স্বাভাৱিকতেই পূৰ্বৰ দৰে ব্যস্ততাও হয়তো নোহোৱা হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মাৰে এসময়ৰ বন্ধু ৰকিবুল হুছেইনৰ । হাতত হয়তো এতিয়া অজস্ৰ সময় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ । যাৰ বাবেই হয়তো নতুনকৈ অভিনয় জগতত খোজ দিব বিচাৰিছে নগাঁৱৰ চামগুৰি সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে । যি সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্ল বৰুৱা ব্যস্ত চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ নিৰ্বাচনী প্ৰচাৰত।

একে সময়তে বিগত কিছুদিন ধৰি নগাঁৱত এখন নাটকৰ আখৰাত ব্যস্ত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন । অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত নগাঁৱৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হ’বলগীয়া "আপোন মানুহ" নামৰ নাটকত অভিনয় কৰিবলৈ এতিয়া আখৰাত এইদৰে ব্যস্ত হৈ পৰিছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন (Rakibul Hussain acting in a Drama in Nagaon) । হাতত ছুৰী লৈ নাটকৰ মঞ্চত অভিনয় কৰিব কংগ্ৰেছৰ এইগৰাকী নেতা ৰকিবুল হুছেইনে (Former Minister Rakibul Hussain) । হাতত ছুৰী মুখত নাটকৰ সংলাপ ৰকিবুল হুছেইনৰ । পূৰ্ণগতিত চলিছে নাটকৰ আখৰা ।

অভিনয়ত ৰকিবুল হুছেইনৰ সফলতাও কামনা কৰিছে বিভিন্নজনে । ইপিনে নগাঁও চহৰত হাতত ছুৰী লৈ থকা ৰকিবুল হুছেইনৰ এখন ফটো সম্বলিত বিশাল পোষ্টাৰেৰে প্ৰচাৰ চলোৱা হৈছে আপোন মানুহ নামৰ নাটকখনৰ । কিন্তু ৰকিবুল হুছেইনৰ ফটো সম্বলিত এইখন পোষ্টাৰো কোনো অচিনাক্ত লোকে ফালি পেলোৱাও পৰিলক্ষিত হয় । ৰকিবুল হুছেইনৰ ফটো সম্বলিত এইখন পোষ্টাৰ ফলা ঘটনাক লৈ সামাজিক মাধ্যমত বিভিন্নধৰণে চলিছে চর্চা ।

আন যিয়েই নহওঁক হঠাৎ নাটকৰ মঞ্চত অভিনয় কৰিবলৈ লোৱা কংগ্ৰেছ চৰকাৰৰ প্ৰাক্তন প্ৰবাল প্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইনক লৈ বিভিন্নজনৰ মাজত সৃষ্টি হৈছে নানা প্ৰশ্নৰ । সঁচাকৈয়ে ক্ষমতাহীন ৰাজনীতিয়ে এতিয়া আমুৱাইছে নেকি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক ? ৰাজনীতি এৰি অভিনয় জগতলৈ যাত্ৰাৰ এয়াই প্ৰথম খোজ নেকি ৰকিবুল হুছেইনৰ ? অপেক্ষা সময়লৈ । ইপিনে সমষ্টি পুনৰ নিৰ্ধাৰণ হলে বৰ্তমান ৰকিবুল হুছেইনে প্ৰতিনিধিত্ব কৰা চামগুৰি সমষ্টিৰ বিলুপ্তিৰো আছে পূৰ্ণ সম্ভাৱনা ।

লগতে পঢ়ক: Ashraful Hussain accused of kidnap: বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে অপহৰণৰ গুৰুতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.